মুখ্যমন্ত্ৰীৰ ৰঙিয়াৰ বানাক্ৰান্ত অঞ্চল আৰু আশ্ৰয় শিবিৰ পৰিদৰ্শন

0 219

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ৰঙিয়া ভ্ৰমণ কৰি মহকুমাটোৰ বান পৰিস্থিতিৰ বুজ লয়। পোনপ্ৰথমে ৰঙিয়াৰ ফাটিমা কনভেণ্ট স্কুলত উপস্থিত হৈ বিদ্যালয়খনত স্থাপিত আশ্ৰয় শিবিৰটো পৰিদৰ্শন কৰে। তেওঁ শিবিৰৰ আৱাসীসকলৰ সৈতেও কথা-বতৰা পাতি তেওঁলোকৰ দুখ-দুৰ্দশাৰ বুজ লয়। বানাক্ৰান্ত ৰাইজৰ উদ্ধাৰ আৰু সাহায্য অভিযানৰ ক্ষেত্ৰত অধিক তৎপৰতাৰে কাম-কাজ অব্যাহত ৰাখিবলৈ তেওঁ জিলা প্ৰশাসন তথা মহকুমা প্ৰশাসনক নিৰ্দেশ দিয়ে। ইয়াৰ পাছতে তেওঁ ৰঙিয়াৰ ,চচাইটি চকৰ সমীপৰ ৰঙিয়া মেইন ৰোডৰ পৰা চহৰখনৰ বান পৰিস্থিতিৰ চাক্ষুস বুজ লয়। ইয়াৰ পাছতে তেওঁ ক’লাজল অভিমুখে ৰাওনা হয়।
মুখ্যমন্ত্ৰীৰ আজিৰ এই ভ্ৰমণৰ সময়ত স্থানীয় বিধায়ক তথা হাউছফেডৰ অধ্যক্ষ ভৱেশ কলিতা, হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, ৰঙিয়াৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰ, কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এন, ৰঙিয়াৰ মহকুমাধিপতি জাৱিৰ ৰাহুল সুৰেশৰ লগতে জিলা প্ৰশাসন তথা মহকুমা প্ৰশাসনৰ অন্যান্য বিষয়ববীয়াসকল উপস্থিত আছিল।
আনহাতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি কমলপুৰ সমষ্টিৰ অন্তৰ্গত ক’লাজল এলেকাত উপস্থিত হৈ অঞ্চলটোৰ বান পৰিস্থিতিৰ বুজ লয়। তেওঁ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অস্থায়ীভাৱে নিৰ্মাণ কৰা তিনিটা আশ্ৰয় শিবিৰো পৰিদৰ্শন কৰে। এই পৰিদৰ্শনৰ সময়ত স্থানীয় বিধায়ক দিগন্ত কলিতাও উপস্থিত আছিল।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই।

Leave A Reply

Your email address will not be published.