বিমান উৰণ অৱতৰণ কাৰ্য্যৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে স্বয়ংক্ৰিয় পদ্ধতি মুকলি

0 270

উত্তৰ পূবৰ ভিতৰত প্ৰথমবাৰৰ বাবে গুৱাহাটী বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰত সকলো ধৰণৰ বিমানৰ উৰণ অৱতৰণ কাৰ্য আৰু ৰাণৱেত বিমান ৰাখিবৰ বাবে স্বয়ংক্রিয়  পদ্ধতি প্ৰৱৰ্তন কৰা হৈছে।২৭ জানুৱাৰীত ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ ক্ষেত্রীয় কাৰ্যবাহী সঞ্চালক সঞ্জীৱ জিন্দালে বিমান বন্দৰটোত এ চি ডি এম পদ্ধতি মুকলি কৰাৰ লগে লগে এই পদ্ধতি  সুবিধা থকা গুৱাহাটী উত্তৰ পূবৰ ভিতৰত প্ৰথম আৰু দেশৰ ভিতৰত অষ্টমটো বিমান বন্দৰ হিচাপে পৰিগণিত হয়।অনুষ্ঠানটোত গুৱাহাটী বিমান বন্দৰৰ সঞ্চালক ৰমেশ কুমাৰকে ধৰি শীর্ষ বিষয়া অভিযন্তা সকল উপস্থিত থাকে।উল্লেখযোগ্য যে এই পৰ্যন্ত দিল্লী,মুম্বাই,চেন্নাই,জয়পুৰ,আহমেদাবাদ আৰু তিৰুৱন্তপুৰম বিমান বন্দৰত এই সুবিধা উপলব্ধ  হৈছে।বায়ু যাতায়ত নিয়ন্ত্রক চমুকৈ এ চি চিৰ লগত সংযোজন কৰা এই পদ্ধতিত বিমান এখনৰ পাইলটৰ উপৰিও বিমান বন্দৰৰ ৰাণৱেত বিমানৰ উৰণ অৱতৰণ কাৰ্যৰ নিয়ন্ত্রণৰ লগত জড়িত বিষয়া,কৰ্মচাৰী অভিযন্তা সকলে বিমান বন্দৰৰ ৰাণৱেত বিমানখন ক’ত অৱতৰণ কৰিব,ক’ৰ পৰা উৰা মাৰিব,অৱতৰণ কৰি যাত্রীকে ধৰি সা সামগ্রী নমোৱাৰ পাছত বিমানখন ক’ত ৰখোৱা হ’ব বা পৰৱৰ্তী উৰণৰ বাবে ক’ত অপেক্ষা কৰিব তাক স্বয়ংক্রিয়ভাৱে নিৰ্দেশনা বা সংকেত লাভ কৰিব।

Leave A Reply

Your email address will not be published.