বিশ্ব ফটোগ্ৰাফী দিৱসৰ বিশেষ

0 361

এখন ফটোৱে এটা সময়ৰ স্মৃতিয়ে বহন নকৰে, ই সম্বন্ধবোৰ মধুৰ কৰাটো অৰিহণা যোগায়।আজি বিশ্ব ফটোগ্ৰাফী দিৱস।প্ৰত্যেক বছৰে ১৯ আগষ্টত সমগ্ৰ দেশতে বিশ্বৰ ফটোগ্ৰাফী দিৱস উদযাপন কৰা হয়।
আচলতে এই ফটোগ্ৰাফী দিৱস, বিশ্বৰ ফটোগ্ৰাফাৰ সকলক উৎসাহিত কৰাৰ বাবে উদযাপন কৰা হয়।আজি পৰা প্ৰায় ৪০ বছৰ আগত সকলোৱে হাতত কেমেৰা নাছিল।কিন্তু এতিয়া সকলোৱে হাতে হাতে ম`বাইল হোৱা পিছত নিজৰ ইচ্ছা অনুসৰি ফটো তুলিব পৰা ব্যৱস্থা হ’ল।বিশ্ব ফটোগ্ৰাফী দিৱসৰ আৰম্ভণি হৈছিল ১৮৩৯ চনৰ ফ্ৰান্সত। বিশেষকৈ ফটোগ্ৰাফীক বৃত্তি হিচাপে লোৱা সকলৰ বাবেও এই দিৱস অতি গুৰুত্বপূৰ্ণ।
এখন ফটোৱে বহু কথা কয়।ফটোত নিহিত হৈ থাকে ভাৱ, আৱেগ, পৰিস্থিতি আৰু সময়ৰ সংমিশ্ৰিত ক্ষণ। এজন ফটোগ্ৰাফাৰে অশেষ কষ্ট কৰিহে এখন ছবি সুন্দৰ, সম্পূৰ্ণ ভাৱে তুলিব পাৰে। কাৰণ ফটোখন তুলিবলৈ লওতে হাত কপিলে অথবা এংগুল বিলাক ঠিক নহ’লেও ফটোখন সম্পূৰ্ণভাৱে পৰিস্ফুট নহয়। এজন ভাল ফটোগ্ৰাফাৰৰ ফটোৱে মহামাৰী কিম্বা যুদ্ধৰ ইতিহাসৰ স্বাক্ষৰ বহন কৰে।সেয়েহে ফটোগ্ৰাফী দিৱস উদযাপনৰ গুৰুত্ব অপৰিসীম।

Leave A Reply

Your email address will not be published.