বি জে পি জিলা কমিটিৰ উদ্যোগত স্বাস্থ্যকৰ্মী, সংবাদকৰ্মীক সম্বৰ্ধনা

0 274

দেশত চলি থকা লকডাউনৰ সময়চোৱাত ৰাইজক নিৰন্তৰ সেৱা আগবঢ়াই অহা বাবে বিজেপিৰ কামৰূপ মহানগৰ জিলাৰ সম্পাদক তথা সমাজকৰ্মী বলেশ্বৰ ৰংপীয়ে আজি আজাৰা ৰাজহুৱা সভাঘৰৰ চৌহদত সংবাদ কৰ্মীসকলক গামোচা, কলম আৰু চাবোন প্ৰদান কৰি সম্বৰ্ধনা জনায়।
 
 
সামাজিক দূৰত্ব বজাই ৰাখি জনোৱা সম্বৰ্ধনা অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক প্ৰশান্ত মহন্ত, আজাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী কবিতা বড়ো ৰংপি,স্থানীয় নেতা তীৰ্থ মেধী, হীৰামণি কলিতা, ৰশ্মি দাসৰ লগতে সাংবাদিক মনোৰঞ্জন ভট্টাচাৰ্য, জয়ন্ত কলিতা, ৰতন কলিতা, নীৰেন চন্দ্ৰ মালী, অমল কলিতা, হীতেন মালী, গিৰীন্দ্ৰ কলিতা, ধ্ৰুৱ কলিতা আদিকে ধৰি বহুকেইজন সাংবাদিক  উপস্থিত থাকে।
 
আনহাতে বিজেপি জিলা সমিতিৰ সম্পাদক বলেশ্বৰ ৰংপিয়ে আজাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকৰ্মী সকলকো গামোচাৰে আদৰণি জনোৱাৰ লগতে নিৰন্তৰ সেৱা আগবঢ়াই অহা বাবে ধন্যবাদ জ্ঞাপন কৰে।
 
লগতে বলেশ্বৰ ৰংপিয়ে বিজেপিৰ ৰাজ্যিক নেতৃত্ব, মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে জনোৱা আহ্বানৰ প্ৰতি সহাঁৰি জনায় “কভিদ-১৯” প্ৰতিৰোধৰ বাবে সেৱা আগবঢ়ায় অহা বাবে চিকিৎসক, স্বস্থ্যকৰ্মী আৰু সাংবাদিক সকলক উৎসাহিত কৰাৰ বাবে সম্বৰ্ধনা জনাইছে বুলি জানিবলৈ দিয়ে।
খবৰ যুগুতালে মিৰ্জাৰ পৰা জিতুমণি দাসে..

Leave A Reply

Your email address will not be published.