৪মে’ৰ পৰা পুনৰ শৰাইঘাট দলঙত যান বাহন চলাচল কৰিব

0 256

৫৭টা বৰ্ষ অতিক্ৰম কৰা  শৰাইঘাটৰ দলঙৰ যান বাহন চলাচল কৰা অংশৰ সাধাৰণ মেৰামতিৰ কামখিনি শুক্ৰবাৰে পুৱাৰে পৰা আৰম্ভ  হৈছে। মেৰামতি কাৰ্যৰ বাবে ৰে’লৱে কৰ্তৃপক্ষই তিনিদিনৰ বাবে যানবাহনৰ চলাচল বন্ধ কৰিছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত মহানগৰ আৰক্ষীৰ যানবাহন শাখাই শৰাইঘাটৰ দুখলপীয়া দলঙৰ ওপৰেৰে চলাচল কৰা বাহনসমূহ নতুন দলং খনেৰে চলাচলৰ ব্যৱস্থা কৰিছে।
 
 
উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন্দ্ৰ ভট্টাচাৰ্যই সদৰী কৰা অনুসৰি বিগত বৰ্ষৰ জুন মাহত দলংখনৰ যান বাহন কৰা অংশখিনি পুননিৰ্মাণ কৰা হৈছিল। কিন্তু বিগত সময়ছোৱাত দলংখনৰ কংক্ৰিটৰ তৰপটো ঠাইবিশেষে এৰাই যোৱা বাবে তাৰ সাধাৰণ মেৰামতিৰ প্ৰয়োজন হৈছিল।
 
 
কিন্তু লকডাউনৰ বাবে যান বাহনৰ চলাচলৰ সংখ্যা বহুখিনি কম হোৱা বাবে এই সুযোগত ৰে’লৱে কৰ্তৃপক্ষই মাত্ৰ তিনিদিনৰ ভিতৰত সাধাৰণ মেৰামতি খিনি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে বুলি নৃপেন্দ্ৰ ভট্টাচাৰ্যই সদৰী কৰিছে।
 
 
 
ইফালে ৩০জনকৈ শ্ৰমিক মেৰামতি কাৰ্যত নিয়োজিত হৈ আছে। শুক্ৰবাৰে দিনৰ ভাগত উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য সুৰক্ষা বিষয়া এম কে আগৰৱালা, উপ মুখ্য সুৰক্ষা বিষয়া প্ৰদীপ কুমাৰ হীৰা, অতিৰিক্ত মাণ্ডলিক ৰে’লৱে প্ৰৱন্ধক হৰি সিং, সহ কেইবাগৰাকী বিষয়া অভিযন্তাই দলংখনৰ মেৰামতি কাৰ্য আৰম্ভ কৰে। ৪মে’ৰ পুৱা দলংখন পুনৰ যানবাহনৰ বাবে মুকলি কৰা হ’ব।

Leave A Reply

Your email address will not be published.