ব্ৰহ্মকুমাৰীজ ঈশ্বৰীয়া বিশ্ববিদ্যালয়ৰ আজাৰা ৰাজযোগ কেন্দ্ৰৰ নৱম প্ৰতিষ্ঠা দিৱস উদযাপন

0 237

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত ব্ৰহ্মকুমাৰীজ ঈশ্বৰীয়া বিশ্ববিদ্যালয়ৰ আজাৰা ৰাজযোগ কেন্দ্ৰৰ নৱম প্ৰতিষ্ঠা আজি দিৱস উদযাপন কৰা হয় । ৰাজযোগী ব্ৰহ্মকুমাৰ ৰাকেশ ভাইৰ আধ্যাত্মিক পাঠদানৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত কুমাৰী চয়ানিকা, কুমাৰী বৃষ্টি , কুমাৰী অংকিতা , কুমাৰী হিমাক্ষী আৰু লাভলী ঠাকুৰীয়াই নৃত্য প্ৰদৰ্শন কৰে। তেনেদৰে কল্যাণী ঠাকুৰীয়া , মানস ভাই আৰু অপূৰ্ব ভৰদ্বাজে সংগীত পৰিবেশন কৰে । আনহাতে অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে প্ৰাক্তন সাংসদ ডাঃ অৰুণ শৰ্মা , ব্ৰহ্মকুমাৰ মুনীন ভাই , ব্ৰহ্মকুমাৰী সুপতা , ব্ৰহ্মকুমাৰী সংহিতা উপস্থিত থাকে । আনহাতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সমূহীয়াভাৱে কেক কটা হয়।

Leave A Reply

Your email address will not be published.