ৰাজ্যৰ আন আন অঞ্চলৰ দৰে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ এক বিস্তীৰ্ণ অঞ্চল বানপানীৰ কবলত পৰিছে । বিশেষকৈ বিগত প্ৰায় ডেৰ সপ্তাহ ধৰি হৈ থকা বৰষুণৰ বাবে ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ সকলো নৈ – উপনৈৰ জলপৃষ্ঠ বৃদ্ধি পাইছে । ইয়াৰ মাজতে যোৱাকালি গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলস্তৰে সতৰ্কমূলক স্তৰ পাৰ হোৱাৰ পাছত জলসম্পদ বিভাগৰ পশ্চিম গুৱাহাটী উপ সংমণ্ডলৰ ফালৰ পৰা দীপৰ বিলৰ পৰা ব্ৰহ্মপুত্ৰ সংযোগী খানাজানৰ ওপৰত গাড়ীগাঁও – পূব ধাৰাপুৰৰ মাজত থকা একমাত্ৰ পানীদুৱাৰখন যোৱাকালি বন্ধ কৰি দিয়া হয় । ফলত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী খানাজানৰে সোমোৱাটো বন্ধ হৈ পৰাত বৃহত্তৰ খানামুখ অঞ্চলকে ধৰি কাষৰীয়া অঞ্চল সমূহ সাময়িক ভাৱে জলমগ্ন হোৱাৰ পৰা ৰক্ষা পৰে । ইফালে পানীদুৱাৰখন বন্ধ কৰা হলেও যদি আগন্তক দিনত বৰষুণৰ পৰিমাণ বৃদ্ধি পাই তেন্তে দীপৰ বিলৰ পানীভাগ ওফন্দি উঠিব আৰু তেতিয়া দীপৰ বিলৰ বাঢ়নী পানীয়ে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰকে ধৰি গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ এক বিস্তীৰ্ণ অঞ্চল পুনৰ বানৰ কবলত পৰাটো এক প্ৰকাৰে নিশ্চিত বুলি ক’ব পাৰি।
Trending
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা