ৰাজ্যৰ আন আন অঞ্চলৰ দৰে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ এক বিস্তীৰ্ণ অঞ্চল বানপানীৰ কবলত পৰিছে । বিশেষকৈ বিগত প্ৰায় ডেৰ সপ্তাহ ধৰি হৈ থকা বৰষুণৰ বাবে ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ সকলো নৈ – উপনৈৰ জলপৃষ্ঠ বৃদ্ধি পাইছে । ইয়াৰ মাজতে যোৱাকালি গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলস্তৰে সতৰ্কমূলক স্তৰ পাৰ হোৱাৰ পাছত জলসম্পদ বিভাগৰ পশ্চিম গুৱাহাটী উপ সংমণ্ডলৰ ফালৰ পৰা দীপৰ বিলৰ পৰা ব্ৰহ্মপুত্ৰ সংযোগী খানাজানৰ ওপৰত গাড়ীগাঁও – পূব ধাৰাপুৰৰ মাজত থকা একমাত্ৰ পানীদুৱাৰখন যোৱাকালি বন্ধ কৰি দিয়া হয় । ফলত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী খানাজানৰে সোমোৱাটো বন্ধ হৈ পৰাত বৃহত্তৰ খানামুখ অঞ্চলকে ধৰি কাষৰীয়া অঞ্চল সমূহ সাময়িক ভাৱে জলমগ্ন হোৱাৰ পৰা ৰক্ষা পৰে । ইফালে পানীদুৱাৰখন বন্ধ কৰা হলেও যদি আগন্তক দিনত বৰষুণৰ পৰিমাণ বৃদ্ধি পাই তেন্তে দীপৰ বিলৰ পানীভাগ ওফন্দি উঠিব আৰু তেতিয়া দীপৰ বিলৰ বাঢ়নী পানীয়ে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰকে ধৰি গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ এক বিস্তীৰ্ণ অঞ্চল পুনৰ বানৰ কবলত পৰাটো এক প্ৰকাৰে নিশ্চিত বুলি ক’ব পাৰি।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন