বজালীৰ পাঠশালাৰ উদীয়মান মূকাভিনয় শিল্পী বৰষা শৰ্মাই অলপতে ঘোষণা কৰা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ CCRT ৰ জৰিয়তে মূকাভিনয়ৰ বাবে ৰাষ্ট্ৰীয় জলপানি লাভ কৰিছে । সংগীত নাটক অকাডেমি বঁটা প্ৰাপক গুৰু মাইনুল হক ডাঙৰীয়াৰ তত্বাৱধানত প্ৰশিক্ষণ ল’বলৈ লাভ কৰা বৰষা শৰ্মা গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰ আৰু তথ্যবিজ্ঞান বিভাগৰ এগৰাকী স্নাতকোত্তৰ ছাত্ৰীৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থা ২০২০-২১ বৰ্ষৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক আছিল।অসম মাইম এণ্ড স্কিট থিয়েটাৰৰ জেষ্ঠ শিল্পী বৰষা শৰ্মাই সংগীত নাটক অকাডেমী যুৱ বঁটা প্ৰাপক কুলদীপ পাটগীৰিৰ অধীনত প্ৰশিক্ষণ লাভ কৰি ইতিমধ্যে বিভিন্ন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় মূকাভিনয় মহোৎসৱত মূকাভিনয় ক্ষেত্ৰত কেবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে l পাঠশালাৰ গণক পুখুৰী হাইস্কুলৰ প্ৰাক্তন শিক্ষক সুৰেশ শৰ্মা আৰু সবিতা দেৱীৰ একমাত্ৰ কন্যা বৰষা শৰ্মা।
Trending
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক