বজালীৰ পাঠশালাৰ উদীয়মান মূকাভিনয় শিল্পী বৰষা শৰ্মাই অলপতে ঘোষণা কৰা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ CCRT ৰ জৰিয়তে মূকাভিনয়ৰ বাবে ৰাষ্ট্ৰীয় জলপানি লাভ কৰিছে । সংগীত নাটক অকাডেমি বঁটা প্ৰাপক গুৰু মাইনুল হক ডাঙৰীয়াৰ তত্বাৱধানত প্ৰশিক্ষণ ল’বলৈ লাভ কৰা বৰষা শৰ্মা গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰ আৰু তথ্যবিজ্ঞান বিভাগৰ এগৰাকী স্নাতকোত্তৰ ছাত্ৰীৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থা ২০২০-২১ বৰ্ষৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক আছিল।অসম মাইম এণ্ড স্কিট থিয়েটাৰৰ জেষ্ঠ শিল্পী বৰষা শৰ্মাই সংগীত নাটক অকাডেমী যুৱ বঁটা প্ৰাপক কুলদীপ পাটগীৰিৰ অধীনত প্ৰশিক্ষণ লাভ কৰি ইতিমধ্যে বিভিন্ন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় মূকাভিনয় মহোৎসৱত মূকাভিনয় ক্ষেত্ৰত কেবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে l পাঠশালাৰ গণক পুখুৰী হাইস্কুলৰ প্ৰাক্তন শিক্ষক সুৰেশ শৰ্মা আৰু সবিতা দেৱীৰ একমাত্ৰ কন্যা বৰষা শৰ্মা।
Trending
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা