শালি ধানৰ খেতিৰ পাছত গুৱাহাটীৰ দীপৰ বিলৰ কাষৰীয়া দেউছতাল অঞ্চলত পতিত আৰু বহুদিন খেতি বাতি তথা কৃষিকৰ্ম নকৰা মাটিত এইবাৰ বৰো ধানৰ খেতিৰে সেউজ বিপ্লৱ গঢ়ি তোলাৰ কামত ব্ৰতী হৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল উদ্যমী কৃষক, সৰবৰহী ব্যক্তি, বিশিষ্ট সমাজকর্মী হিচাপে পৰিচিত বলেশ্বৰে ৰংপী। বিশেষকৈ দেউছতালৰ নিজ ঘৰৰ সমীপত থকা গড়চুক- ৰাণীগেট সংযোগী পথৰ দাঁতিত আৰু আজাৰা- কামাখ্যা সংযোগী ৰেলপথৰ মাজত থকা প্ৰায় পাঁচ বিঘা ম্যাদি পট্টাৰ মাটিত বিগত দেৱালীৰ সময়ৰে পৰা বৰো ধানৰ খেতি আৰম্ভ কৰিছিল বলেশ্বৰ ৰংপীয়ে। সম্প্ৰতি প্ৰায় ছয়মাহযোৰা নিৰন্তৰ কষ্টৰ ফলত ধান সমুহ পকিবলৈ আৰম্ভ কৰাত আজিৰে পৰা আৰম্ভ কৰিছে ধান কটা পৰ্ব। ফলত আজি পুৱা ঘৰৰ ওচৰৰ আৰু পৰিয়ালৰ মুঠ পাঁচজনে মিলি পুৱা শ্ৰী শ্ৰীলক্ষ্মী দেৱীক আৰাধনা কৰি যাৱতীয় ৰীতি- নীতি আৰু মাংগলিক কাৰ্যৰ মাজেৰে আৰম্ভ কৰে ধান কটা পৰ্ব। এই সন্দৰ্ভত বলেশ্বৰ ৰংপীয়ে জানিবলৈ দিয়া মতে প্ৰথমতে পকা ধান সমুহ কটা হোৱাৰ পাছত ঘৰলৈ নিয়া হব। আগন্তক এটা সপ্তাহৰ ভিতৰত ধান সমুহ কটা হব বুলি আশা কৰা হৈছে। তাৰ পাছত ঘৰৰ চোতালত ধান সমুহ শুকোৱাৰ পাছত বতৰৰ গতি বিধি চাই গৰু বা পাৱাৰ টিলাৰৰে মৰণা মৰা হব। বলেশ্বৰ ৰংপীয়ে সদৰি কৰা অনুসৰি তেওঁলোকৰ পৰিয়ালে পূৰ্বতে সেই মাটিত বাওঁ ধানৰ খেতি কৰিছিল। কিন্তু পানীৰ অভাৱকে ধৰি বিভিন্ন কাৰণৰ বাবে লাহে লাহে বেছিভাগ কৃষকে বাওঁ ধানৰ খেতি কৰিবলৈ বাদ দিছিল। কিন্তু বিগত ২০২২ বর্ষত কৃষি কৰ্মৰ লগত জড়িত কেবাজনো কৃষক, শুভাকাংক্ষীয়ে সেই মাটিত বৈজ্ঞানিক পদ্ধতিৰে বৰো ধানৰ খেতি কৰিবলৈ পৰামৰ্শ দিয়ে। তাৰ পাছত বিগত বৰ্ষৰ অক্টোবৰ মাহৰ শেষৰ ফালে গুৱাহাটীৰ ভৰলুমুখত থকা অসম চৰকাৰৰ কৃষি বিভাগৰ অনুমোদিত এখন বিপনীৰ পৰা প্ৰায় ২,৪০০ টকাৰে ছয় কেজি উন্নত মানৰ বৰো ধানৰ বীজ আনি শালি ধানৰ খেতিৰ দৰে তাৰো কঠীয়া সিচে। তাৰ পৰৱৰ্তী সময়ত কেবাটাও পৰ্যায় অতিক্ৰম কৰাৰ পাছত সেই বৰো ধান সমূহ পকাৰ পাছত আজি কটা পৰ্ব আৰম্ভ কৰা হয়। ইয়াৰ পূৰ্ব জানুৱাৰী আৰু ফেব্ৰৱাৰী মাহ দুটাৰ লগতে মাৰ্চ মাহৰ প্ৰথম দুটা সপ্তাহত ডিজেল চালিত মেচিনেৰে পানী যোগান ধৰা হৈছিল। কিন্তু মাৰ্চ মাহৰ তৃতীয় সপ্তাহৰ পৰা মাজে সময়ে হৈ থকা বৰষুণৰ বাবে পাছলৈ মেচিনেৰে পানী যোগান ধৰা কার্য বন্ধ ৰখা হয়। সকলো ঠিকে থাকে থাকিলে মৰণা মৰাৰ পাছত বিঘাই প্ৰতি ৬ ৰ পৰা ৭ কুইন্টল ধান পোৱা যাব বুলি আশা কৰা হৈছে। অৱশ্যে। তেওঁ বৰো ধানৰ খেতি কৰিছে যদিও ইয়াৰ বাবে তেওঁৰ আন দৈনন্দিন কামকাজ সমূহ বাধাগ্ৰস্ত হোৱা নাই। আজৰি সময়খিনীৰ সদব্যৱহাৰ কৰিয়ে বিগত প্ৰায় ছয় মাহত নিজকে বৰো ধানৰ খেতিত নিজকে জড়িত ৰাখিবলৈ সক্ষম হৈছে। কিয়নো তেওঁলোকৰ পৰিয়ালটোৱে ৰাণীগেটৰ পৰা কিছু নিলগৰ আন্ধেৰিজুলি পথাৰত প্ৰায় দহ বিঘা মাটিত পৰম্পৰাগতভাবে শালি ধানৰ খেতি কৰি আহিছে। আনকি আজিলৈকে তেওঁলোকে চাউল কিনি পোৱা নাই। নিজৰ ঘৰৰ শালি ধান ঢেঁকী বা যন্ত্ৰচালিত মেচিনত বানি তাৰ সহায়ত উলিওৱা চাউলহে খায়। এইবেলি প্ৰথম বাৰৰ বাবে নিজৰ উৎপাদিত বৰো ধানৰ চাউলৰ সোৱাদ লব পাৰিব বুলি আশা ৰাখিছে। উল্লেখযোগ্য যে কৃষি কৰ্মৰ লগত জড়িত আগ্ৰহী ব্যক্তি হোৱা বাবে বলেশ্বৰ ৰংপীয়ে কিছুদিন আগলৈকে বিজেপি দলৰ গুৱাহাটী জিলা সমিতিৰ সাধাৰণ সম্পাদকৰ দৰে গুৰু দায়িত্ব বহন কৰিছিল। সেই সময়ত তেওঁ বিজেপি দলৰ বহু কাৰ্যকর্তাক কৃষি কৰ্মত জড়িত কৰিবলৈ সক্ষম হোৱাৰ লগতে পশ্চিম গুৱাহাটীৰ কিছু আওহতীয়া অঞ্চলত বহু নিবনুৱা যুৱকক বৈজ্ঞানিক পদ্ধতিৰে উন্নত মানৰ কৃষি কৰ্ম কৰি স্বাৱলম্বী হোৱাৰ বাবে মাৰ্গ দৰ্শন দিছিল বুলি বলেশ্বাৰ ৰংপীয়ে সদৰি কৰিছে। উল্লেখযোগ্য যে বলেশ্বৰ ৰংপীক কৃষি কৰ্ম কৰি অহা দেখি বৃহত্তৰ অঞ্চলটোৰ বহু উঠি অহা যুৱকেও নিজৰ মাটিত কৃষি কৰ্মত জৰিত হৈ পৰা পৰিলক্ষিত হৈছে। যিটো গুৱাহাটী মহানগৰীৰ যুৱক সকলৰ বাবে এটা ভাল লক্ষণ বুলিও সচেতন লোক সকলে আশা ব্যক্ত কৰিছে।
Trending
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি