ভাষা আন্দোলনৰ অগ্ৰণী নেতা, সমাজ সংগঠক প্ৰয়াত তুৱা বৰাৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত

0 167

ভাষা আন্দোলনৰ অগ্ৰণী নেতা, অসম গণ পৰিষদ দলৰ প্ৰাক্তন সাধাৰণ পৰিষদৰ সদস্য, বিজেপিৰ জেষ্ঠ নেতা জামুগুৰিহাটৰ শান্তিপুৰ নিৱাসী প্ৰয়াত তুৱা বৰাৰ স্মৃতি চাৰণৰ উদ্দেশ্যৰে আজি বিয়লি এখনি সভা আয়োজন কৰা হয় প্ৰয়াত বৰাৰ বাসগৃহত৷জামুগুৰি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অৱসৰী শিক্ষক নাৰায়ন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতিচাৰণ সভাত প্ৰয়াত তুৱা বৰাৰ স্মৃতিত তুৱা গুণ গাও নামেৰে এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ তুৱা বৰাৰ স্মৃতি ৰোমন্থন কৰি আবেগ বিহ্বল ভাৱে বিধায়ক পদ্ম হাজৰিকাই কয়- তুৱা বৰা মোৰ ৰাজনৈতিক জীৱনৰ পথ প্ৰদৰ্শক আছিল৷মোৰ ৰাজনৈতিক ক্ষেত্ৰৰ শুভ চিন্তক তথা পথ প্ৰদৰ্শক তুবা বৰাৰ মৃত্যুৱে মোৰ জীৱনলৈ ডাঙৰ শূন্যতা আনিলে৷ প্ৰায় তিনিশতাধিক ৰাইজ উপস্থিত থকা সভাখনিত তুৱা বৰাৰ স্মৃতি ৰোমন্থন কৰে শিক্ষক সমাজকৰ্মী নিতুমনি বৰা, জ্যোতি ভট্টাচাৰ্য, বাৰেচহৰীয়া ভাওনা সমিতিৰ সভাপতি ভৱ গোস্বামী, অসম চৰকাৰৰ পশুধন নিগমৰ উপাধ্যক্ষ পৰেশ বৰকাকতী, শিক্ষক বিশ্ব হাজৰিকা প্ৰমুখ্যকে কৰি বিভিন্নজনে৷

বাতৰি যুগুতালে জামুগুৰিহাটৰ‌ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.