ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ গুৱাহাটী কাৰ্যালয়ত পালন কৰা হ’ল ১১ সংখ্যক আন্তৰ্জাতিক যোগ দিৱস

0 163

আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ (আইডব্লিউএআই)ৰ পাণ্ডু বন্দৰত আজি ১১ সংখ্যক আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত এটা জেটিত এক বিশেষ যোগ অনুষ্ঠানৰ আয়োজন কৰা হয়।এই বছৰৰ বিষয়বস্তু এক পৃথিৱী, এক স্বাস্থ্যৰ বাবে যোগ অনুসৰি আয়োজিত এই অনুষ্ঠানে ব্যক্তিগত সুস্থতা আৰু সামাজিক সম্প্ৰীতি বৃদ্ধিত যোগৰ ভূমিকাত গুৰুত্ব আৰোপ কৰে।

অনুষ্ঠানত ভাষণ দি আইডব্লিউএআই গুৱাহাটীৰ পৰিচালক প্ৰবীণ বৰায়ে কয়, “যোগ হৈছে ভাৰতে বিশ্বলৈ দিয়া সুস্থতাৰ এক অমূল্য উপহাৰ। আজিৰ এই যোগ দিৱস সৰ্বতোপ্ৰকাৰে সফল কৰি তোলাৰ বাবে মই আমাৰ সকলো সহকৰ্মীক আন্তৰিক ধন্যবাদ জনাইছো। মাননীয় প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বৰ বাবে যোগ দিৱস এতিয়া বিশ্বজনীন উৎসৱত পৰিণত হৈছে। মই কেন্দ্ৰীয় মন্ত্ৰীকো ধন্যবাদ জনাইছো, যিয়ে ফোনযোগে আমাক উৎসাহিত কৰি এই দিৱস উলহ-মালহেৰে পালন কৰিবলৈ প্ৰেৰণা যোগাইছে। আহক, আমি এই উদ্দীপনা আগুৱাই নি যোগক আমাৰ দৈনন্দিন জীৱনৰ অংশ কৰি তোলোঁ।

আইডব্লিউএআই পাণ্ডুৰ বিষয়া আৰু কৰ্মচাৰীসকলে ৰাতিপুৱাৰ যোগ অনুষ্ঠানত উৎসাহেৰে অংশগ্ৰহণ কৰি সুস্থ আৰু নিৰোগী জীৱনশৈলীৰ প্ৰতি অংগীকাৰবদ্ধ হয়। এই অনুষ্ঠানে কৰ্মক্ষেত্ৰত সুস্থতাৰ প্ৰসাৰ আৰু সামগ্ৰিক জীৱনশৈলীৰ প্ৰচাৰৰ বাবে ৰাষ্ট্ৰীয় প্ৰচেষ্টাৰ সৈতে আইডব্লিউএআইৰ সহযোগিতাক প্ৰতিফলিত কৰিছে।

Leave A Reply

Your email address will not be published.