ভাৰতীয় চিত্ৰ সাধনাৰ চলচ্চিত্ৰ নিৰ্মাণ কৰ্মশালা সামৰণি

0 277

ভাৰতীয় চিনেমা বিশেষকৈ বলিউদৰ অধিকাংশ হিন্দী চিনেমা নিৰ্মাতাসকলৰ মনত নিজৰ দেশখনক ভালপোৱা কোনো আবেগ নাই ৷ অধিকাংশ চিত্ৰনিৰ্মাতাই এটা বিশেষ ধৰ্মৰ লোকক তোষামোদ কৰে অথবা নিজৰ ৰাষ্ট্ৰখনক নিম্নমানৰ হিচাপে প্ৰদৰ্শন কৰাত গুৰুত্ব দিয়ে ৷ কিন্তু নিজৰ দেশৰ শাসকক সমালোচনা কৰা আৰু ৰাষ্ট্ৰবিৰোধী কামৰ প্ৰচাৰ কৰাৰ মাজত বহু পাৰ্থক্য থাকে ৷ ‘হায়দৰ’ ছবিৰে বিশাল ভৰদ্বাজে এনেদৰে ৰাষ্ট্ৰবিৰোধী প্ৰচাৰত ব্যস্ত হোৱাটো এটা উদাহৰণহে মাত্ৰ ৷’ কালিৰে পৰা গুৱাহাটীত ভাৰতীয় চিত্ৰ সাধনা আৰু চলচ্চিত্ৰম্‌-ৰ উদ্যোগত অনুষ্ঠিত হোৱা দুদিনীয়া ‘ৰ’দ টু মুম্বাই’ শীৰ্ষক চলচ্চিত্ৰ নিৰ্মাণ কৰ্মশালাৰ আৰম্ভ কৰি দিয়া ভাষণত ভাৰতীয় চিত্ৰসাধনাৰ ন্যাসৰক্ষী অভিনেতা অৰুণ অৰোৰাই এনেদৰে মন্তব্য কৰে ৷ কৰ্মশালাৰ প্ৰথম দিনা মোবাইল ফোনেৰে চিত্ৰ নিৰ্মাণ কৰা কৌশলৰ কথাৰে অংশগ্ৰহনকাৰীসকলক সম্মোহিত কৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক’লাৰাদো ফিল্ম স্কুলৰ স্নাতক কূলনন্দিনীয়ে ৷ কূলনন্দিনীয়ে ইতিমধ্যে মোবাইল ফোনেৰে নিৰ্মাণ কৰা ‘এমুঠি পুথি’ চিনেমাখনে দৰ্শকক সম্মোহিত কৰি থৈছে ৷ কৰ্মশালাৰ আন এখন অধিবেশনত চিনেমাৰ কাষ্টিং এজেন্সি দা ষ্ট্ৰাইদৰ মুখ্য ব্যক্তি ছিমি ডেকাই পেছাদাৰী ছবিজগতত প্ৰবেশ কৰাৰ কৌশলবোৰ বাখ্যা কৰে ৷ লোকমন্থনৰ প্ৰতিযোগিতাত প্ৰথম পুৰষ্কাৰ প্ৰাপ্ত, সনাতন কৰ্মকাৰ পৰিচালিত ছবি ‘দা লেন্ড অব হিডেন ট্ৰেজাৰ’ ছবিখনৰ প্ৰদৰ্শন আছিল কৰ্মশালাৰ অন্যমত আকৰ্ষণ ৷ ছবি প্ৰদৰ্শনৰ অন্তত অংশগ্ৰহণকাৰীসকলৰ লগত হোৱা অন্তৰংগ কথোপকথন আছিল অনুষ্ঠানৰ অন্যতম আকৰ্ষণ ৷
ষোল্ল অক্টোবৰৰ কাৰ্যসূচী আৰম্ভ হয় ‘বিউটিফুল লাইভজ’ অাৰু ‘উপসৰ্গ’ ছবিৰ পৰিচালক কংকন ডেকা পৰিচালিত ‘সীতা’ নামৰ চুটিছবিখনৰ প্ৰদৰ্শনেৰে ৷ তাৰ পাচতেই পৰিচালক ডেকাৰ লগত অংশগ্ৰহণকাৰীসকলৰ অন্তৰংগ কথোপকথনৰ কাৰ্যক্ৰম আৰম্ভ হয় ৷ এই কথোপকথনত শ্ৰীডেকাই উদীয়মান শিক্ষাৰ্থীসকলক এই কৰ্মশালাৰ পৰা পাবপৰা সকলো সুবিধা গ্ৰহন কৰিবলৈ উপদেশ প্ৰদান কৰে৷ অইন এখন আলোচনাত সভাত অভিনেতা অাৰু ভাৰতীয় চিত্ৰ সাধনাৰ ন্যাসৰক্ষী অৰুণ অৰোৰাই অভিনেতাৰ প্ৰস্তুতি আৰু সামাজিক দায়বদ্ধতাৰ বিষয়ে বহু উদাহৰণসহ বিশ্লেষণ কৰে৷ কৰ্মশালাৰ অন্তত অনুষ্ঠিত সভাত অংশগ্ৰহণকাৰী প্ৰশিক্ষাৰ্থীসকলে নিজ নিজ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰে আৰু এনেকুৱা এটা ফলাফলমুখী কৰ্মশালাৰ বাবে আয়োজকসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে ৷ জ্যোতিচিত্ৰবনৰ সচিব নয়না বৰাই অংশগ্ৰহণকাৰীসকলক মানপত্ৰ প্ৰদান কৰে আৰু উৎসাহ যোগাব পৰা ভাষণেৰে প্ৰশিক্ষাৰ্থীসকলক আগবাঢ়ি যাবলৈ উৎসাহ প্ৰদান কৰে ৷
কৰ্মশালাৰ বিভিন্ন কাৰ্যক্ৰমত বিভিন্ন ধৰণে অংশগ্ৰহণ কৰে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, প্ৰতিঘাত ছবিৰ পৰিচালক অচিন্ত্য শংকৰ, সাংবাদিক আৰু চলচ্চিত্ৰ নিৰ্মাতা শিবানু বৰা, সেৱাভাৰতীৰ সচিব ঋজু দত্ত, চলচ্চিত্ৰ পৰিচালক মন্‌জু বৰা, কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ, কিশোৰ শিৱম আৰু ভিয়েটনামৰ ৰাজনৈতিক-সামাজিক অৱস্থাৰ গবেষক আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰচাৰক ডঃ সুনীল মহান্তিয়ে ৷ ছছিয়েল মিডিয়া এক্সপাৰ্ট নীল দাস আৰু অভিনেতা-সংগীতপৰিচালক ভগৱৎ প্ৰীতমৰ সহযোগত কৰ্মশালাটি পৰিচালনা কৰে অসম ডাউন টাউন বিশ্ববিদালয়ৰ ডীন, চলচ্চিত্ৰমৰ অধ্যক্ষ উৎপল দত্তই ৷ এই কৰ্মশালাৰ দুগৰাকী প্ৰশিক্ষাৰ্থীয়ে অহা ডিচেম্বৰত মুম্বাইত অনুষ্ঠিত হ’বলগীয়া পোন্ধৰদিনীয়া কৰ্মশালাত অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব৷

Leave A Reply

Your email address will not be published.