ৰাজ্যৰ একাংশ যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি আশা নকৰি ঋণ লৈ অথবা নিজা প্ৰচেষ্টাৰে ব্যৱসায় আৰম্ভ কৰি নিজৰ লগতে আন দহজনক সংস্থাপন দি কৰ্ম সংস্থাপনৰ বাট মুকলি কৰিছে। এনে এক প্ৰচেষ্টাৰে পশ্চিম গুৱাহাটী সমষ্টিৰ গড়গৰাৰ সুমন হিৰা নামৰ এজন যুৱকে গাহৰি পালনেৰে স্বাৱলম্বীতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। ২০১২ চনত নিজৰ গাঠিৰ ধন খৰচ কৰি আত্মনিৰ্ভৰশীল যুৱকজনে নিজে কৰ্মসংস্থাপনৰ বাট উলিয়াই আৰম্ভ কৰিছিল এইখন গাহৰিৰ ফাৰ্ম। তাৰ পিছৰে পৰা গাহৰি পালনৰ বিভিন্ন প্ৰশিক্ষণ শিবিৰত অংশ লৈ পৰ্যায়ক্ৰমে বৃদ্ধি কৰে নিজৰ ফাৰ্মখন। বৰ্তমান সুমনৰ ফাৰ্মৰ পৰা তেওঁ যথেষ্ঠ লাভৱান হোৱাৰ সমান্তৰালভাৱে গাঁৱখনৰ আদৰ্শ গাহৰি পালক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। দহ বছৰ পূৰ্বে আৰম্ভ কৰা উক্ত ফাৰ্মখনত বৰ্তমানলৈ ২০টা পোৱালীৰ লগতে সৰ্বমুঠ ৩৫টা গাহৰি আছে। যুৱক জনে বৰ্তমানেও কোনোধৰণৰ ঋণ লোৱা নাই যদিও ফাৰ্মখন আৰু বৃদ্ধি কৰাৰ বাবে বিশেষভাৱে আগবাঢ়িছে। হীৰা গাহৰি আজি ৰাণীস্থিত আঞ্চলিক পশুধন উদ্যোমিতা আৰু ব্যৱস্থাপনা কেন্দ্ৰৰ বিষয়ববীয়া সীমা পেগু সহ এটি সজাতি দলে উপস্থিত হৈ পৰিদৰ্শন কৰি বুজ লয়।
Trending
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি