গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত ইংৰাজী শুক্ৰবাৰে সংস্কাৰ ভাৰতীৰ উত্তৰ অসম প্ৰান্তে এক ব্যতিক্ৰমী অনুষ্ঠানেৰে ভূ-অলংকাৰ দিৱস উদযাপন কৰে । সভাত উপস্থিত থাকে উওৰ অসম প্ৰান্তৰ সাধাৰণ সম্পাদক পুলকেশ বৰুৱা, সজল দাস ,কিশোৰ দাস , মাৰ্গ দৰ্শক বিশ্বেশ্বৰ গোস্বামী, মহানগৰৰ সভাপতি ৰুমী ভূঞা , সম্পাদক বেদব্ৰত শইকীয়া , সম্পাদক মণিষা মজুমদাৰ বৰুৱা, প্ৰাচীন কলা প্ৰমুখ চন্দ্ৰাশ্ৰী চক্ৰৱৰ্তী, ভূ-অলংকাৰ বিধা প্ৰমুখ মীনা মজুমদাৰ , কাৰ্য্যালয় প্ৰমুখ মনজিৎ শৰ্মাকে ধৰি কেইবাজনো উত্তৰ অসম প্ৰান্তৰ বিষয়ববীয়া সভাত উপস্থিত থাকে । কেন্দ্ৰীয় কাৰাগাৰাৰ অধীক্ষক দিবাকৰ মালাকাৰ , জেলাৰ পৰিনিতা বৰুৱাকে ধৰি কেইবাজন সহ জেলাৰে ভূ-অলংকাৰ দিৱসৰ ওপৰত বক্তব্য ৰাখে । সাধাৰণ সম্পাদক পুলকেশ বৰুৱাৰ সুন্দৰ ভাষণত সকলো মুগ্ধ হয় । জেলৰ বিষয়ববীয়া আৰু সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ সকলো বিষয়ববীয়াৰ সহযোগত বিভিন্ন গীত, নৃত্যৰে অনুষ্ঠানটি সুন্দৰ কৈ সজাই তোলে । অসমৰ জাপি ভূ-অংলকাৰ দিৱসত সকলো প্ৰান্ততে ৰঙ্গুলিৰে সজোৱা হৈছে। মুঠতে অতি সুন্দৰ আৰু ব্যতিক্ৰমী এটা অনুষ্ঠান সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তে কেন্দ্ৰীয় কাৰাগাৰত অনুষ্ঠিত কৰে।
Trending
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন