মিৰ্জাত জীৱন চন্দ্ৰ ভূঞাৰ নাট গ্ৰন্থ সময়ৰ বালিত খোজ, কাব্যগ্ৰন্থ সদ্ভাৱনা সম্ভাৱনা উন্মোচন

0 225

মিৰ্জাস্থিত দক্ষিণ কামৰূপৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সন্থাৰ সভাগৃহত আজি এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত লিখক জীৱন চন্দ্ৰ ভূঞাৰ নাট গ্ৰন্থ ‘সময়ৰ বালিত খোজ’ আৰু কাব্যগ্ৰন্থ ‘সদ্ভাৱনা সম্ভাৱনা’ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। এই উপলক্ষে দক্ষিণ কামৰূপ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সন্থাৰ সভাপতি অনিল কলিতাই আঁতধৰা সভাখনৰ সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত শিক্ষক মায়াৰাম দাসে। সভাত লেখক ভূঞাৰ এসয়ৰ সতীৰ্থ, বন্ধু তথা প্ৰগতিশীল সাহিত্যিক, লেখক মইনা গোস্বামীয়ে ছাত্ৰ জীৱনৰ পৰাই লগপোৱা ভূঞাৰ বিভিন্ন প্ৰেৰণা মূলক কথা আলোকপাত কৰি নীৰৱতা নহলে অধ্যয়ন অসম্ভৱ বুলি কয়। লগতে সেই সময়ত পঢ়ি থকা আৰ.বি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ বিদ্যালয় সপ্তাহ উপলক্ষে প্ৰকাশ পোৱা সপ্তাহ পত্ৰিকাত ভূঞাই লিখনীৰ জড়িয়তে জ্ঞানৰ অনুশীলন কৰিছিল। জীৱন চন্দ্ৰ ভূঞাৰ দৰে তীব্ৰ গতিশীল মানুহ আজিলৈ দেখা নাই বুলি ভাষণ প্ৰসঙ্গত উল্লেখ কৰে প্ৰগতিশীল সাহিত্যিক মইনা গোস্বামীয়ে। ইয়াৰ পিছতে জীৱন চন্দ্ৰ ভূঞাৰ নাট গ্ৰন্থ ‘সময়ৰ বালিত খোজ’ উন্মোচন কৰে দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ গজেন্দ্ৰ অধিকাৰীয়ে। উন্মোচন কৰি অধিকাৰীয়ে কয় যে, এজন লিখকে এখন গ্ৰন্থ প্ৰকাশ কৰা মানে এটি শিশু জন্ম দিয়া। কোনো এখন গ্ৰন্থ বা সামাজিক কাম সমাজৰ আগত দাঙি ধৰিবলৈ হলে উৎসাহী লোকক নহয় উপযুক্ত জ্ঞান আৰু প্ৰশিক্ষণ থকা লোককে দিব লাগে বুলি ভাষণত উল্লেখ কৰে। লগতে ভূঞাৰ নাটকত এটা সমাধান আছে। মিছা প্ৰসংশা কৰা মানে এজন মানুহক হত্যা কৰা একেই কথা। লিখক এজনে কিতাপ লিখিলে পাঠক সমাজৰ পৰা প্ৰসংশা কৰা বা সমালোচনা কৰা দৰকাৰ বুলি কৈ কিতাপ লিখা, প্ৰকাশ, বিতৰণ কৰাৰ এটি প্ৰশিক্ষণ হ’ব লাগে। ঠিক তেনেদৰে গ্ৰন্থ পঢ়াৰো এটি কৰ্মশালা হোৱাৰ প্ৰয়োজন। এখন কিতাপ পাঠক সমাজৰ মাজলৈ লৈ যোৱাৰ বাবে সাংবাদ মাধ্যম আৰু আমাৰো দায়িত্ব আছে। গ্ৰন্থ বা প্ৰবন্ধ নাইবা বিভিন্ন কাৰণত লিখোতে খুৱ সাৱধান হ’ব লাগে কাৰণ এটা শব্দই এটা জাতি, এখন সমাজক বিচলিত কৰিব পাৰে বুলি ভাষণত উল্লেখ কৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ অধিকাৰীয়ে। ইয়াৰ পিছতে আনএখন কাব্যগ্ৰন্থ ‘সদ্ভাৱনা সম্ভাৱনা’ উন্মোচন কৰে কামৰূপ ৰত্ন ড০ নৰেন দাসে। দাসে মঙ্গলাচৰণেৰে আৰম্ভণী কৰা ভাষণত সদ্ভাৱনা মানে সৎ চিন্তা, সৎ কাম, সৎ মনোভাৱৰ হলে মানুহ গুণী জ্ঞানী হৈ নিজৰ লগতে সমাজৰো ভাল হয়। কাব্যগ্ৰন্থ খনত কিছু ধৰ্মীয় কবিতা আৰু কিছু বৰ্তমান সময়ৰ কবিতা লেখকে প্ৰকাশ কৰাৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ নাট আৰু লিখি থৈ যোৱা বৰগীতৰ কথা ভাষণত উল্লেখ কৰে ড০ নৰেন দাসে। সভাত লেখক ভূঞাই সকলোকে আদৰণী জনাই ছাত্ৰ জীৱনৰ পৰাই কিছু সংখ্যক বিশেষ ব্যক্তিৰ সান্নিধ্যত পৰি প্ৰেৰণা পোৱা কথা ভাষণত উল্লেখ কৰে। সভাৰ শেষত সভাৰ সভাপতি মায়াৰাম দাসে ব’হাগ মাহ মানে প্ৰতিশ্ৰুতিৰে মাহ। লেখক ভূঞাই প্ৰথম বাৰৰ বাবে ব’হাগ মাহত যেনেকৈ দুখনকৈ গ্ৰন্থ ৰাইজক উপহাৰ দিলে। ঠিক তেনেদৰে অনাগত সময়ত লেখনীৰ জৰিয়তে এনেধৰণৰ উপহাৰ ৰাইজে পাব বুলি আশা কৰি লেখক ভূঞাক প্ৰেৰণা যোগাই। সভাত অৱসৰপ্ৰাপ্ত অধ্যক্ষ কৈলাশ নাথ শৰ্মা, অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সন্থাৰ সম্পাদক অমিয় কলিতা, জ্যেষ্ঠ সাংবাদিক বলেন কলিতা, অৱসৰপ্ৰাপ্ত অধ্যক্ষ বলেন কুমাৰ, লেখক ভূঞাৰ সহধৰ্মিনী সৰলা মালী ভূঞাসহ পৰিয়ালবৰ্গৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
বাতৰি যুগুতালে জিতুমণি দাসে

Leave A Reply

Your email address will not be published.