যুৱ সাংবাদিক সন্থাৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

1 295

আজি গুৱাহাটীত অসম সাহিত্য সভাৰ তত্বাৱধানত থকা সাহিত্যাচাৰ্য লক্ষ্মীনাথ বৰুৱা সদনত যুৱ সাংবাদিক সন্থা,অসম দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়।এই অনুষ্ঠানত পুৱা সাংবাদিক সন্থাৰ সভাপতি চন্দন দাসে পতাকা উত্তোলন কৰাৰ পিছত সাধাৰণ সম্পাদক কাঞ্চনজ্যোতি গোঁহাইয়ে সাংবাদিক শ্বহীদৰ তৰ্পন মুকলি কৰে।
তাৰ পিছতে চন্দন দাসৰ সভাপতিত্বত বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়।এই অনুষ্ঠানত কেইবাগৰাকীও সাংবাদিকক সংবাদ শিৰোমণি বঁটা,শ্ৰেষ্ঠ বাতৰি পৰিৱেশক পৰিৱেশিকা সন্মান,বৰ্ষশ্ৰেষ্ঠ যুৱ সাংবাদিক সন্মান,শ্ৰেষ্ঠ প্ৰডিউচাৰ সন্মান আৰু আলোকচিত্র সাংবাদিকতাৰ সন্মান প্ৰদান কৰে।বঁটা প্ৰাপকসকল হৈছে ৰাজদ্বীপ বাইলুং বৰুৱা,শোণিত কুমাৰ ভূঞা,বনদ্বীপ গোস্বামী,অঞ্জুমণি বৰদলৈ,অজয় শইকীয়া,অভিজিৎ গগৈ,সৌৰভ দুৱৰা আৰু জগদীশ ভৰালী।ইয়াৰোপৰি শিশু আৰু মহিলা সৱলীকৰণৰ লগতে বন্যপ্রাণী আৰু পৰিৱেশ সংক্রান্তিয় সজাগতা বৃদ্ধিৰ বাবে কাম কৰা দুগৰাকী সাংবাদিকক সন্মান প্ৰদান কৰে।
এই বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে সাহিত্যিক, সংবাদ মাধ্যমৰ সম্পাদক,সাংবাদিক আৰু বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দৰ লগতে বহুকেইগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থাকে।তাৰোপৰি বৈদ্যুতিন মাধ্যমৰ বহুসংখ্যক জ্যেষ্ঠ আৰু যুৱ সাংবাদিকে ভাগ লয়।

1 Comment
  1. Banadeep Goswami says

    Good

Your email address will not be published.