শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰচিটি অৱ হেল্থ চাইন্সৰ স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ উদ্যোগত অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সহযোগত মহানগৰৰ মালিগাঁৱত অৱস্থিত পূৰ্বাঞ্চল যোগতীৰ্থ কেন্দ্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ বৈজ্ঞানিক দৃষ্টিভংগীৰ সম্পৰ্কে ৰাজ্যিক কৰ্মশালা অনুষ্ঠিত হয়। উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক অসম অসামৰিক সেৱাৰ বিষয়া প্ৰদীপ টিমুঙে প্ৰশিক্ষণৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভ উদ্বোধনী কৰে৷ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সভাপতি যোগাচাৰ্য শুভাশীষ ক’ৰৰ সঞ্চালনাত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত শ্ৰীমন্তশঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ যৌগিক বিজ্ঞান আৰু প্ৰাকৃতিক চিকিৎসা বিভাগৰ বিভাগীয় প্ৰধান ড° উজ্জ্বল অৰুণ মাস্কে আৰু পাণ্ডু মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° শান্তনু ৰায় চৌধুৰীয়ে উপস্থিত থাকি ভাষন প্ৰদান কৰে ৷ কৰ্মশালাত অসমৰ বিভিন্ন প্ৰান্তৰ ১২০ জন যোগ শিক্ষকে অংশগ্ৰহণ কৰে ৷ যোগ ব্যায়ামৰ বৈজ্ঞানিক দৃষ্টিভংগীৰ অন্বেষণ আৰু প্ৰাকৃতিক চিকিৎসাৰ প্ৰমান ভিত্তিক অনুশীলন আৰু হলিষ্টিক স্বাস্থ্যৰ ওপৰত তাৰ প্ৰভাৱ আদি বিভিন্ন বিষয়ত কৰ্মশালাৰ প্ৰশিক্ষণৰ কাৰ্যসূচীত সমল ব্যক্তি হিচাপে পূৰ্বাঞ্চল যোগ মহাবিদ্যালয়ৰ যোগবিদ প্ৰফুল্ল বৰ্মন, শ্ৰীমন্তশঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড° ধনিৰুং ৰিয়াং, যোগবিদ দিব্যজ্যোতি ডেকা, অনিল হাজৰিকা আৰু অংকিতা বৰঠাকুৰৰ লগতে বাংগালোৰোৰ স্বামী বিবেকানন্দ যোগ অনুসন্ধান সংস্থাৰ ডা° অৰুন্ধতী ক’ৰে যোগ ব্যায়াম আৰু প্ৰাকৃতিক চিকিৎসাৰ বৈজ্ঞানিক সুক্ষ্ম অন্তদৃষ্টিমূলক আলোচনাৰে অংশগ্ৰহণকাৰীসকলক আপ্লুত কৰে ৷ কৰ্মশালাত যোগ ব্যায়াম প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা পালন কৰা ২০ গৰাকী নাৰীলৈ নাৰী সৱলীকৰণ বঁটা প্ৰদান কৰা হয় ৷
Trending
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন