শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰচিটি অৱ হেল্থ চাইন্সৰ স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ উদ্যোগত অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সহযোগত মহানগৰৰ মালিগাঁৱত অৱস্থিত পূৰ্বাঞ্চল যোগতীৰ্থ কেন্দ্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ বৈজ্ঞানিক দৃষ্টিভংগীৰ সম্পৰ্কে ৰাজ্যিক কৰ্মশালা অনুষ্ঠিত হয়। উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক অসম অসামৰিক সেৱাৰ বিষয়া প্ৰদীপ টিমুঙে প্ৰশিক্ষণৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভ উদ্বোধনী কৰে৷ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সভাপতি যোগাচাৰ্য শুভাশীষ ক’ৰৰ সঞ্চালনাত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত শ্ৰীমন্তশঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ যৌগিক বিজ্ঞান আৰু প্ৰাকৃতিক চিকিৎসা বিভাগৰ বিভাগীয় প্ৰধান ড° উজ্জ্বল অৰুণ মাস্কে আৰু পাণ্ডু মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° শান্তনু ৰায় চৌধুৰীয়ে উপস্থিত থাকি ভাষন প্ৰদান কৰে ৷ কৰ্মশালাত অসমৰ বিভিন্ন প্ৰান্তৰ ১২০ জন যোগ শিক্ষকে অংশগ্ৰহণ কৰে ৷ যোগ ব্যায়ামৰ বৈজ্ঞানিক দৃষ্টিভংগীৰ অন্বেষণ আৰু প্ৰাকৃতিক চিকিৎসাৰ প্ৰমান ভিত্তিক অনুশীলন আৰু হলিষ্টিক স্বাস্থ্যৰ ওপৰত তাৰ প্ৰভাৱ আদি বিভিন্ন বিষয়ত কৰ্মশালাৰ প্ৰশিক্ষণৰ কাৰ্যসূচীত সমল ব্যক্তি হিচাপে পূৰ্বাঞ্চল যোগ মহাবিদ্যালয়ৰ যোগবিদ প্ৰফুল্ল বৰ্মন, শ্ৰীমন্তশঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড° ধনিৰুং ৰিয়াং, যোগবিদ দিব্যজ্যোতি ডেকা, অনিল হাজৰিকা আৰু অংকিতা বৰঠাকুৰৰ লগতে বাংগালোৰোৰ স্বামী বিবেকানন্দ যোগ অনুসন্ধান সংস্থাৰ ডা° অৰুন্ধতী ক’ৰে যোগ ব্যায়াম আৰু প্ৰাকৃতিক চিকিৎসাৰ বৈজ্ঞানিক সুক্ষ্ম অন্তদৃষ্টিমূলক আলোচনাৰে অংশগ্ৰহণকাৰীসকলক আপ্লুত কৰে ৷ কৰ্মশালাত যোগ ব্যায়াম প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা পালন কৰা ২০ গৰাকী নাৰীলৈ নাৰী সৱলীকৰণ বঁটা প্ৰদান কৰা হয় ৷
Trending
- তামুলপুৰত সমাগত বিটিচি নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনামূলক বৈঠক
- SEBI and NSE Join Forces to Protect Investors from Financial Frauds
- ৰাজ্যৰ জলসিঞ্চন বিভাগৰ শীৰ্ষ বিষয়া,মুখ্য অভিযন্তাৰে মন্ত্ৰী অশোক সিংহলৰ পৰ্যালোচনা বৈঠক
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা