লোকে লোকাৰণ্য গুৰুজনাৰ জন্মভূমি বটদ্ৰৱা থান -স্মৃতিগ্ৰন্থ দৌল উন্মোচন

0 268

ৰাজ্যৰ চৌদিশে ৰঙৰ উৎসৱ ফাকুৱা বা শ্ৰীশ্ৰীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ উখল-মাখল পৰিবেশৰ মাজতে গুৰুজনাৰ জন্মভূমি বটদ্ৰৱা থানত দৌল মহোৎসৱৰ কালি দ্বিতীয় দিনা পুৱাৰে পৰা পৰম্পৰাগত ধৰ্মীয় নীতি নিয়মেৰে গোসাঁই মুৰত ফাকু দিয়া অনুষ্ঠান সম্পন্ন হয়। তাৰ পিছত ধৰচমীয় অন্যান্য কাৰ্যসূচীৰ লগতে সন্ধিয়া বটদ্ৰৱা থানৰ আই খেৰসুঁতি সাংস্কৃতিক মঞ্চত উন্মোচন কৰা হয় দৌল উৎসৱৰ স্মৃতিগ্ৰন্থ দৌল। শ্ৰীশ্ৰীবটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্তই এগছি বন্তি প্ৰজ্বলনেৰে অনুষ্ঠান শুভাৰম্ভৰ লগতে সাংবাদিক ৰাহুল দেৱ বৰদলৈৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ ‘দৌল’ উন্মোচন কৰে। শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ মৃণাল বৰাই সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰাৰ পূৰ্বে অনুষ্ঠিত এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰা, থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰন সম্পাদক ইন্দ্ৰ মোহন বৰুৱা, কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ, স্থানীয় বিধায়ীকা শিৱামনি বৰা উপস্থিত থাকে । সাংস্কৃতিক অনুষ্ঠানত বহু আমন্ত্ৰিত শিল্পীয়ে বিভিন্ন সত্ৰীয়া গীত-মাত, নৃত্য অনুষ্ঠান পৰিবেশনেৰে শ শ ভক্তপ্ৰাণ লোকক আকৰ্ষিত কৰে। ইয়াৰ পূৰ্বে দিনৰ ১২ বজাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও বটদ্ৰৱা থান দৰ্শন কৰি আশিস গ্ৰহণ কৰে। দৌল মহোৎসৱৰ আজি ৩য় দিনৰ কাৰ্যসূচী হিচাবে শ্ৰীশ্ৰী শ’লগুৰি সত্রৰ পৰম্পৰা অনুসৰী গোসাঁইক ৰভাতলত সত্রীয়া নিয়মেৰে নুৱাই ধুৱাই দিনৰ ২ বজাত কীৰ্তন ঘৰৰ পৰা দৌললৈ লৈ যোৱা হয়। তাৰ পিছত দৌলৰ চাৰিউফালে সাতপাক ঘুৰাই গোটেই বৰদোৱা অঞ্চল পৰিভ্ৰমন কৰি, দুই সত্রৰ সত্রাধিকাৰৰ ঘৰত সোমোৱাই পুনৰ কীৰ্তন ঘৰত স্থাপন কৰা হয়। একেদৰে আজিও সন্ধিয়া পৰা এক সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

বাতৰি যুগুতালে ৰাহুল দেৱ বৰদলৈয়ে।

Leave A Reply

Your email address will not be published.