শংকৰী সংস্কৃতি শ্ৰেষ্ঠ সাধক পৰেশ বৰালৈ ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকা বঁটা

0 252

বিশ্বনাথ জিলাৰ জয়সিদ্ধি টঙনাজাৰ নিবাসী তথা ১নং জয়সিদ্ধি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পৰেশ বৰালৈ নেবকাচ(NEBCUS)ৰ তৰফৰ পৰা ২০২১ বৰ্ষৰ শংকৰী সংস্কৃতি শ্ৰেষ্ঠ সাধক হিচাপে ভাৰত ৰত্ন ডঃভূপেন হাজৰিকাৰ ৰাষ্ট্ৰীয় বটা প্ৰদান কৰে নেৱকাছৰ সঞ্চালক গগণাষ্টম গগৈয়ে । গুৱাহাটীৰ জ্যোতি চিত্ৰবন প্ৰেক্ষাগৃহত শংকৰী সাধক পৰেশ বৰাক ভূপেন হাজৰিকা স্মাৰকৰ লগত মানপত্ৰ,শৰাই আৰু চেলেংৰে সম্বৰ্দ্ধনা জনোৱা হয়।উল্লেখ্য যে শংকৰী সাধক পৰেশ বৰাই যোৱা ২০২০ বৰ্ষত সাহিত্য সমাজ সংস্কৃতি সেৱা মঞ্চ অসমৰ পৰা শংকৰ আজান সমন্বয় বঁটা ও লাভ কৰিবলৈ সক্ষম হৈছিল।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.