ওদালগুৰিত স্বাস্থ্য বিভাগৰ এইডছ দিৱস পালন

0 325

আজি বিশ্ব এইডছ দিৱস। আন আন ঠাইৰ লগতে ওদালগুৰি জিলাতো আজি জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত এইডছ দিৱস পালন কৰা হয়। এইডছ সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্য ওদালগুৰি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দৰ সভা ঘৰত এখন সজাগতা সভাৰ আয়োজন কৰা হয়। ওদালগুৰি জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডা: অভিজিত বসুৱে সভাপতিত্ব কৰা অনুষ্ঠানত জিলা আইন সেৱা প্ৰাধিকৰণৰ(district legal services authority) সম্পাদক অজয় বসুমতাৰী, ৰেড ক্ৰছ ছছাইটিৰ সভাপতি শৰৎ বসুমতাৰী, জিলা এইডছ নিয়ন্ত্ৰন বিষয়া ডা. গণেশ ব্ৰহ্ম, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ডিপিএম টপচিল বাছিলৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে। লগতে পিৰামল ফাউণ্ডেশ্যন, আহানা, জনশক্তি, এম আৰ ডি এছ আদি বিভিন্ন এনজিঅ’ ই এই অনুষ্ঠনত অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.