ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি শিল্পী দিৱস হিচাপে উদযাপন কৰাৰ সমান্তৰালভাৱে পলাশবাৰী সাহিত্য সভাৰ উদ্যোগতো দিনযোৰা কাৰ্যসূচীৰে মিৰ্জাস্থিত সাহিত্য সভা ভৱনত শিল্পী দিৱস উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা সাহিত্য সভাৰ পতাকা উত্তোলন কৰে পলাশবাৰী সাহিত্য সভাৰ সভাপতি যুগল চন্দ্ৰ বৈশ্যই, জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰে উপ-সভাপতি অমিয় কুমাৰ কলিতা, বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি গজেন চন্দ্ৰ দাসে। ১০ বজাত শিল্পী ভৱানী দাস কুমাৰীৰ সোঁৱৰণত অনুষ্ঠিত জ্যোতি সংগীত প্ৰতিযোগিতাত প্ৰথম স্থান কুইন দাস, দ্বিতীয় স্থান বিপাশা কলিতা, তৃতীয় স্থান ৰাগিনী প্ৰিয়াই অধিকাৰ কৰাৰ লগতে উদগনী মূলক বঁটা লাভ কৰে বৰষা মহন্তই।দুপৰীয়া ১ বজাত ‘জ্যোতিপ্ৰসাদৰ কবিতাত ঐতিহ্য চেতনা’ শীৰ্ষক এক বক্তৃতা অনুষ্ঠান আৰু বঁটা বিতৰণ সভা অনুষ্ঠিত হয়। দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা ড০ জাহ্নৱী দেৱীয়ে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব নোৱাৰাত তেওঁ প্ৰেৰণ কৰা লিখিত ভাষণ পাঠ কৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ গজেন্দ্ৰ অধিকাৰীয়ে। সভাত ড০ যোগেন কুমাৰ দাসেও ভাষণ প্ৰদান কৰে। অনুষ্ঠানত আবৃতি পৰিবেশন কৰে গোপাল কলিতা, জ্যোতি সংগীত পৰিবেশন কৰে মনোজ কুমাৰ দাস, সাধনা কুমাৰী, মেঘালী দাস মহন্তই। শেষত স্থানপ্ৰাপ্ত প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰে বলেন্দ্ৰ চন্দ্ৰ কুমাৰে আৰু অশোক দেৱ গোস্বামীয়ে।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা