বালিপৰালৈ গৌৰৱ কঢ়িয়ালে বৈঠাভঙা বঙালী গাঁৱৰ ফুটবল খেলুৱৈ অকলেন্দ বাৰ্লাই

0 167

শোণিতপুৰৰ ৰঙাপৰা বিধানসভা সমষ্টিৰ বালিপৰাৰ সমীপৱৰ্তী বৈঠাভঙা বঙালী গাঁৱৰ এজন ফুটবল খেলুৱৈৰ সাফল্যই গৌৰৱান্বিত কৰিছে সমগ্ৰ অঞ্চলবাসী ৰাইজক।জানিব পৰা মতে, বৈঠাভাঙা অঞ্চলৰ এজন গৃহৰক্ষী জোৱানৰ পুত্ৰ অকলেন্দ বাৰ্লাই ৰাষ্ট্ৰীয় পৰ্য্যায়ত ফুটবলত অংশগ্ৰহণ কৰি সফল হৈ অঞ্চলবাসীলৈ গৌৰৱ কঢ়িযাই আনিছে। উল্লেখ্যে যে, Youth Sports Devlopment Federation Of India ৰ অধীনত অলপতে নেপালত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ জুনিয়ৰ ফুটবল প্ৰতিযোগীতাত ভাৰতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰি বাৰ্লাই জয়ী হ’বলৈ সক্ষম হয়। এই দলটোত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ খেলুৱৈ সকলে প্ৰতিনিধিত্ব কৰাৰ সমান্তৰালভাৱে বালিপৰাৰ বৈঠাভঙা বঙালী গাঁৱৰ এইগৰাকী যুৱকেও দলটোত অংশগ্ৰহণ কৰিছিল আৰু এই সফলতাত গৌৰৱান্বিত হৈ আজি আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ শোণিতপুৰ জিলাৰ প্ৰতিনিধিসকলে খেলুৱৈ যুৱকজনক ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰি উজ্বল ভৱিষ্যৎ কামনা কৰে।

Leave A Reply

Your email address will not be published.