শোণিতপুৰৰ ৰঙাপৰা বিধানসভা সমষ্টিৰ বালিপৰাৰ সমীপৱৰ্তী বৈঠাভঙা বঙালী গাঁৱৰ এজন ফুটবল খেলুৱৈৰ সাফল্যই গৌৰৱান্বিত কৰিছে সমগ্ৰ অঞ্চলবাসী ৰাইজক।জানিব পৰা মতে, বৈঠাভাঙা অঞ্চলৰ এজন গৃহৰক্ষী জোৱানৰ পুত্ৰ অকলেন্দ বাৰ্লাই ৰাষ্ট্ৰীয় পৰ্য্যায়ত ফুটবলত অংশগ্ৰহণ কৰি সফল হৈ অঞ্চলবাসীলৈ গৌৰৱ কঢ়িযাই আনিছে। উল্লেখ্যে যে, Youth Sports Devlopment Federation Of India ৰ অধীনত অলপতে নেপালত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ জুনিয়ৰ ফুটবল প্ৰতিযোগীতাত ভাৰতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰি বাৰ্লাই জয়ী হ’বলৈ সক্ষম হয়। এই দলটোত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ খেলুৱৈ সকলে প্ৰতিনিধিত্ব কৰাৰ সমান্তৰালভাৱে বালিপৰাৰ বৈঠাভঙা বঙালী গাঁৱৰ এইগৰাকী যুৱকেও দলটোত অংশগ্ৰহণ কৰিছিল আৰু এই সফলতাত গৌৰৱান্বিত হৈ আজি আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ শোণিতপুৰ জিলাৰ প্ৰতিনিধিসকলে খেলুৱৈ যুৱকজনক ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰি উজ্বল ভৱিষ্যৎ কামনা কৰে।
Trending
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক