সতী ৰাধিকাৰ স্মৃতিক্ষেত্র শ্ৰীশ্ৰী কোৱাইকটা সত্র সংৰক্ষণ কৰা হ`ব- মুখ্যমন্ত্রী

0 185

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰম শিষ্য, কৈৱৰ্তকুলৰ মহিয়সী নাৰী সতী ৰাধিকা আইৰ স্মৃতিক্ষেত্র, শ্ৰীশ্ৰী কোৱাইকটা সত্রত অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা দেওবাৰে উপস্থিত হয়। মুখ্যমন্ত্রী সত্রৰ কীৰ্তনঘৰত পদৰ্পন কৰাৰ লগে লগে সত্রখনিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা ফুলাম বিহুৱান, চেলেং, শৰাই, জাপি আৰু ফুলৰ থোপাৰে উষ্ম আদৰণি জনায়। ড° শৰ্মাই আদৰনি গ্ৰহণ কৰি চমু বক্তব্যত মহিয়সী নাৰী সতী ৰাধিকা আইৰ স্মৃতিক্ষেত্র শ্ৰীশ্ৰী কোৱাইকটা সত্রখনি সংৰক্ষণ, সংবৰ্ধন আৰু ন ৰূপত গঢ়ি তোলাৰ লগতে অসমৰ মানচিত্রত উজ্বলাই তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। তেখেতে প্ৰচাৰ মাধ্যমৰ আগত এই বুলিও কয় যে – অসমৰ জাতীয় জীৱনত সতী ৰাধিকা এক সাংস্কৃতিক সম্পদ। শ্ৰীশ্ৰী কোৱাইকটা সত্রৰ উন্নয়নৰ বাবে অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। প্ৰয়োজনত ভূমি আৱন্তনৰ ব্যৱস্থাও কৰিব। এই সত্রখনিৰ লগত কৈৱৰ্ত সকলৰ আবেগ জৰিত হৈ আছে। সত্রখনিৰ প্ৰচাৰ সম্পাদক ৰাহুল দেৱ বৰদলৈয়ে আঁতধৰা অনুষ্ঠানটিত সত্রৰ প্ৰাক্তন সম্পাদক সুৰেন চন্দ্ৰ দাসে আদৰণি ভাষন প্ৰদান কৰাৰ লগতে সভাপতি যামিনি দাস আৰু সম্পাদক অচ্যুত দাসে দুদৰ্শাগ্ৰস্ত সত্রখনিৰ বিভিন্ন অভাৱ-অভিযোগৰ এখনি স্মাৰকপত্র সভাতেই অনুষ্ঠানিক ভাৱে প্ৰদান কৰে। মুখ্যমন্ত্রী গৰাকীক সংগ দিয়ে বটদ্ৰৱাৰ বিধায়িকা শিৱামনি বৰা, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বঢ়হমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, প্ৰাক্তন মন্ত্রী গৌতম বৰা, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ উত্তৰ পূৱৰ তত্বাবধায়ক বশিষ্টদেৱ বুজৰৱৰুৱা, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ সচিব সুদৰ্শন ঠাকুৰে সংগ প্ৰদান কৰে। অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে নগাঁও জিলাৰ দুদৰ্শাগ্ৰস্ত সত্র হিচাপে চিহ্নিত সতী ৰাধিকাৰ জন্মভূমি শ্ৰীশ্ৰী কোৱাইকটা সত্রৰ মূখ্যমন্ত্রী ড° শৰ্মা উপস্থিত হোৱাৰ লগে লগে গায়ন-বায়ন সকলে খোল-তাল, নাম কীৰ্তনেৰে কীৰ্তন ঘৰলৈ আগবঢ়ায় নিয়ে।
বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে

Leave A Reply

Your email address will not be published.