ৰাষ্ট্ৰীয় এনএছএছ বঁটা বিজয়ী গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যান সঞ্চালক তথা ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্য্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিক অসম চৰকাৰৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয় । ক্রীড়া আৰু যুব কল্যাণ আৰু শক্তি তথা পৰ্যটন বিভাগৰ মন্ত্ৰী বিমল বৰাই ৰুদ্ৰ সিংহ স্পোর্ট কমপ্লেক্স, নেহেৰু ষ্টেডিয়ামত ১২ জানুৱাৰীত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেওঁক সম্বৰ্ধনা জনায়। উল্লেখযোগ্য যে ডঃ কাকতিয়ে ভাৰতৰ মাননীয় ৰাষ্ট্রপতি ৰাম নাথ কোবিন্দৰ পৰা ২৪ ছেপ্টেম্বৰ ২০২১ত এন এছ এছ ৰাষ্ট্ৰীয় বঁটা গ্ৰহণ কৰে যিয়ে সমগ্র উত্তৰ-পূৱ আৰু অসমৰ এই মর্যাদাপূর্ণ পুৰষ্কাৰ প্রাপ্ত প্রথম ব্যক্তি। সম্বৰ্ধনা অনুষ্ঠানত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিং আই এ এছ ,সদস্য সচিব, ৰাজ্য স্তৰৰ যুৱ কল্যাণ কমিটিৰ উপদেষ্টা পবিত্ৰ মাৰ্ঘেৰিটা, অসম ক্ৰীড়া কৰ্তৃপক্ষৰ উপ সভাপতি লক্ষ্য কোঁৱৰ , ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক নিবেদন দাস পাটোৱাৰী আৰু অলিম্পিক ব্রঞ্জ পদক বিজয়ী খেলৰত্ন পুৰস্কাৰপ্রাপ্ত লাভলীনা বৰগোঁহাই ,সাহিত্য একাডেমি যুৱ পুৰস্কাৰ প্ৰাপ্ত দ্বিজেন চন্দ্ৰ দাস আৰু বহুতো গণ্য মান্য ব্যক্তি এই অনুষ্ঠানত উপস্থিত আছিল।
Trending
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক