ৰাণীত বিশেষ গাঁওসভাত ৰমেন্দ্ৰ নাৰায়ণ কলিতা-কৃষিৰেহে অৰ্থনৈতিক উন্নতি সম্ভৱ

0 217

অসমৰ দৰে ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নৰ বাবে কৃষি ক্ষেত্ৰৰ যথাযথ উন্নয়ন হ’ব লাগিব। কৃষি আৰু কৃষকৰ উন্নয়ন হোৱাৰ লগে লগে ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়নত যথেষ্ট অৰিহণা যোগাব বুলি মন্তব্য কৰি বিধায়ক কলিতাই সংশ্লিষ্ট সকলো পক্ষকে দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়।
আজি ৰাণী উন্নয়ন খণ্ড এলেকাৰ ৰাণী গাঁও পঞ্চায়তৰ সভাগৃহত অনুস্থিত শস্য ক্ৰয় আৰু কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া সচেতনতাৰ সন্দৰ্ভত আয়োজিত বিশেষ গাঁও সভাত অংশগ্ৰহণ কৰি বিধায়ক কলিতাই ৭০ শতাংশই কৃষিজীৱী লোক থকা অসমৰ দৰে ৰাজ্যত কৃষকে প্ৰকৃত মূল্যৰ পৰা বঞ্চিত হৈ থকাৰ কথা উল্লেখ কৰি এতিয়াৰ পৰা মধ্যভোগীৰ হাতোৰাৰ পৰা মুক্ত হৈ কৃষকে ফচলৰ উচিত মূল্য পোৱাৰ বাট সুচল হ’ব বুলি কয়। তেওঁ ভাষণ প্ৰসংগত কৃষি প্ৰধান ৰাণী অঞ্চলত অচিৰেই এটি শস্য মজুত ভঁৰাল স্থাপনৰ ক্ষেত্ৰত মুখ্য মন্ত্ৰীৰ লগত ভাৰ্চুৱেল আলোচনা কৰাৰ কথাও উল্লেখ কৰে। সভাত ৰাণী উন্নয়ন খণ্ড বিষয়া লালৰেমছিয়ামী গামলাই, ৰাণী আঞ্চলিক পঞ্চায়ত সভাপতি পৰমেশ্বৰ বৰ্মণ, ৰাণীৰ কৃষি বিষয়া বৰ্ণালী মেধী, পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ নিৰীক্ষণ আৰু তদাৰকী সমিতিৰ সদস্য সুভাষ শৰ্মায়ো অংশগ্ৰহণ কৰে। বিধায়ক গৰাকীয়ে কাঁহিকুছি গাঁও পঞ্চায়ততো এনে এক বিশেষ গাঁও সভাত অংশগ্ৰহণ কৰে। উক্ত সভাত আজাৰা ৰাজহ চক্ৰ বিষয়া প্ৰিয়াংসু ভৰদ্বাজ, কাঁহিকুছি গাঁও পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়াকে আদিকৰি কেবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে।
বাতৰি যুগুতালে জিতুমণি দাসে

Leave A Reply

Your email address will not be published.