ৰণ্‌দিয়া (শতদল) সাহিত্য সভাই আয়োজন কৰে বিশেষ অন্তৰঙ্গ অনুষ্ঠান

0 135

শিল্পী দিৱসৰ লগত সংগতি ৰাখি ৰঙিয়াৰ ৰণ্‌দিয়া (শতদল) সাহিত্য সভাই মাহটোৰ বিশিষ্ট অতিথিৰ লগত অন্তৰঙ্গ অনুষ্ঠান ৰঙিয়াৰ প্ৰেছ ক্লাৱ সংলগ্ন ড° ভূপেন হাজৰিকা সংগীত মহাবিদ্যালয়ত আয়োজন কৰে ৷প্ৰতিষ্ঠা বৰ্ষতে অসম সাহিত্য সভাৰ দ্বাৰা ক্ৰমে স্বৰ্ণ শাখা আৰু শতদল শাখাৰ মৰ্যাদা প্ৰাপ্ত কৰা ৰণ্‌দিয়া সাহিত্য সভাই প্ৰতি মাহতে বিশিষ্ট অতিথিৰ লগত অন্তৰঙ্গ অনুষ্ঠান পাতি আহিছে ৷এই মাহৰ বিশিষ্ট অতিথি হিচাপে আছিল “ড° ভুপেন হাজৰিকা সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট কণ্ঠশিল্পী আৰু প্ৰশিক্ষক বিৰেণ বৰ্মন আৰু খ্যাতনামা নৃত্যশিল্পী তথা প্ৰশিক্ষক মোহন কলিতা৷
ৰণ্‌দিয়া সাহিত্য সভাৰ সম্পাদক হেমন্ত কলিতাই আঁত ধৰা অনুষ্ঠানটিৰ আৰম্ভণিত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সভাপতি প্ৰতুল ভূঞাঁ আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে ৰণ্‌দিয়া সাহিত্য সভাৰ সভ্য সকলে৷ বিশিষ্ট অতিথিদ্বয়ক ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্দ্ধনা জনোৱা হয় ৷
অনুষ্ঠানটিত বিৰেণ বৰ্মনে নিজৰ বিভিন্ন অভিজ্ঞতাৰ কথা দোহাৰি তেখেতক দি অহা মৰমৰ বাবে ৰঙিয়াবাসী ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰে আৰু জ্যোতি সংগীতৰ লগতে বহুকেইটি গীত পৰিবেশন কৰি অনুষ্ঠানটি অতি মনোগ্ৰাহী কৰি তোলে ৷ আনজন শিল্পী মোহন কলিতাই কৰ্মজীৱনৰ বহুতো তিতা মিঠা অভিজ্ঞতা দোহাৰি জীৱন নিৰ্বাহৰ ক্ষেত্ৰত শিল্পী জীৱনৰ প্ৰতি অহা শংকাৰ কথা দোহাৰে৷
গীতে কথাই ভৰপূৰ অনুষ্ঠানটিত ৰণ্‌দিয়া সাহিত্য সভাৰ সভ্য তথা অভিনেতা সঞ্জীৱ কুমাৰ ভাগৱতীয়ে জ্যোতিপ্ৰসাদৰ কবিতা আবৃত্তি কৰে ৷ বিশিষ্ট পৰিচালক , অভিনেতা পংকজ পল্লব শৰ্মা , বিমলা দেৱী , মনালিছা গোস্বামী, মামনি লহকৰ , উপ সভাপতি জয়ন্ত জিত কলিতা , পত্ৰিকা সম্পাদক উজ্জ্বল ডেকা , কোষাধ্যক্ষ বিপুল কাকতি , বিপুল তালুকদাৰ, দ্বিজেন দাস , জনপ্ৰিয় গায়ক নিয়ৰ পৰশ আৰু বহুকেইজন অসম সাহিত্য সভাৰ আজীৱন সভ্যই অংশগ্ৰহণ কৰা অনুষ্ঠানটিত আজন্ম শিল্পী অকণ কলিতাই জ্যোতিপ্ৰসাদৰ এটি অতি আপুৰুগীয়া গীত পৰিবেশন কৰি আটাইকে মুগ্ধ কৰে ৷
শেষত সভাপতি প্ৰতুল ভূঞাঁই আটাইলৈ শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠানটিৰ সফল সমাপন ঘোষণা কৰে ৷
বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

Leave A Reply

Your email address will not be published.