শিৱসাগৰ জিলাৰ ডিমৌ ৰাজহ চক্ৰত সাংসদ, বিধায়ক, উপায়ুক্ত, প্ৰাক্তন বিধায়কৰ উপস্থিতিত ক’ভিড-১৯ ব্যৱস্থাপনা সন্দৰ্ভত পৰ্যালোচনা

0 202

যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাই, শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰা আৰু থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীয়ে যোৱা ৩১ মে’ তাৰিখে ডিমৌ উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সভাত ৰাজহ চক্ৰটোৰ অধীনস্থ অঞ্চল সমূহত গ্ৰহণ কৰা ক’ভিড-১৯ ব্যৱস্থাপনা সন্দৰ্ভত বিতংভাৱে পৰ্যালোচনা কৰে।
সভাত ডিমৌ ৰাজহ চক্ৰৰ অধীনত ক’ভিড-১৯ ৰোগৰ বিৰুদ্ধে গঢ়ি তোলা প্ৰতিৰোধী ব্যৱস্থা, ক’ভিড-১৯ ৰোগত আক্ৰান্ত ৰোগীৰ চিকিৎসা সেৱা, গৃহ আছুতীয়াকৰণ, জৰুৰী সা-সুবিধা প্ৰদান, চেনিটাইজেচন প্ৰক্ৰিয়া, সজাগতামূলক কাৰ্যসূচী আদি বিষয়ৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয়।
সভাত সাংসদ তপন কুমাৰ গগৈয়ে পঞ্চায়তৰ সভাপতি আৰু সচিব সকলক সকলো ক’ভিড-১৯ ৰোগত আক্রান্ত ৰোগীৰ বিতং তথ্য মজুত ৰাখিবলৈ নিৰ্দেশ দিয়ে। তেওঁ গৃহ আছুতীয়াকৰণত থকা আৰু কন্টেইনমেণ্ট জ’নৰ বাসিন্দা সকলৰ খাদ্য তথা অন্যান্য সা-সুবিধাৰ বিষয়ে নিয়মিতভাৱে বুজ লৈ এই সমূহ উপলব্ধ কৰাবলৈ নিৰ্দেশ প্ৰদান কৰে। তেওঁ ক’ভিড-১৯ ৰোগক পৰাভূত কৰিবলৈ নিয়মীয়া চেনিটাইজেচন আৰু ব্যাপক জনসচেতনতা বৃদ্ধিৰ পোষকতা কৰে। তেওঁ লগতে পঞ্চায়তৰ সভাপতি আৰু সচিবক চাহ-বাগিচা কৰ্তৃপক্ষৰ সৈতে সমন্বয় ৰক্ষা কৰি ক’ভিড ব্যৱস্থাপনা শক্তিশালী কৰি তুলিবলৈ কয়। তেওঁ ক’ভিড বিৰুদ্ধে এই যুঁজত প্ৰশাসন, স্বাস্থ্য বিভাগ, আৰক্ষী, চাহ-বাগিচা কৰ্তৃপক্ষ সকলোকে ঐক্যবদ্ধভাৱে কাম কৰি যাবলৈ আহ্বান জনায়।
সভাত প্ৰদান কৰা বক্তব্যত উপায়ুক্ত বিষ্ণু কমল বৰাই গাঁও পঞ্চায়তৰ সভাপতি আৰু সচিবৰ পৰা তেওঁলোকৰ অঞ্চলৰ ক’ভিড পৰিস্থিতি সম্পৰ্কে বুজ লয়। তেওঁ গাঁও পঞ্চায়ত সমূহত থকা ক’ভিড সমিতি সমূহক বিশেষ ভাৱে নিৰ্দেশ দিয়ে যে, তেওঁলোকৰ এলেকাৰ প্ৰতিগৰাকী ক’ভিড ৰোগী চিনাক্ত হোৱাৰ পিছত স্ব- গৃহৰ পৰা চিকিৎসালয়লৈ যোৱা, চিকিৎসাধীন অৱস্থাত থকা, তাৰ পৰা ওলোৱা আৰু ঘৰলৈ পঠোৱা ইত্যাদি সমস্ত তথ্য মজুত ৰাখিব লাগিব। তেওঁ চাহ বাগিচা সমূহৰ শ্ৰমিক কল্যাণ বিষয়া তথা বাগিচা কৰ্তৃপক্ষৰ পৰা চাহ- বাগিচা এলেকাত থকা ক’ভিড কেয়াৰ চেণ্টাৰ সমূহত মজুত ৰখা সা-সুবিধা আৰু আন্তঃগাঁথনি সম্পৰ্কে বিতংভাৱে বুজ লয়। উপায়ুক্ত গৰাকীয়ে চাহ-বাগিচা সমূহৰ প্ৰৱেশ দ্বাৰত থাৰ্মেল স্কেনাৰ, হেণ্ড চেনিটাইজাৰ আৰু হাত ধোৱাৰ ব্যৱস্থা মজুত ৰাখিবলৈ নিৰ্দেশ দিয়ে। তেওঁ আশাকৰ্মী, এ. এন. এম., জি. এন. এম. সকলৰ লগতো মত- বিনিময় কৰে।
নিজ বক্তব্যত স্থানীয় বিধায়ক সুশান্ত বৰগোঁহাইয়ে ক’ভিড-১৯ ৰোগৰ ভয়াবহতা সম্পৰ্কে ব্যাপক সজাগতা কাৰ্যসূচী গ্ৰহণ কৰাৰ পোষকতা কৰাৰ লগতে ক’ভিড ব্যৱস্থাপনাত সহায়ক হোৱাকৈ দুখন এম্বুলেঞ্চ নিজৰ ফালৰ পৰা স্বাস্থ্য বিভাগক প্ৰদান কৰিব বুলি সদৰি কৰে। ইয়াৰ বাবে তেওঁ নিজৰ প্ৰথম দৰমহাৰ ধন ব্যয় কৰিব বুলি কয়।
এই সভাত ডিমৌ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ফিলিছ ৰাংছাল,  সংলগ্ন চক্ৰ বিষয়া মেৰী ৰালচুন, খণ্ড উন্নয়ন বিষয়া অৰুণ গগৈ, জিলা পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি মাউত, মহকুমা চিকিৎসা তথা স্বাস্থ্য বিষয়া ডাঃ চাহাদ উল্লাহ, আঞ্চলিক পঞ্চায়তৰ সভাপতি, গাঁও পঞ্চায়তৰ সভাপতি আৰু সম্পাদক, গাঁওবুঢ়া, অঙ্গনৱাদি কৰ্মী, আশাকৰ্মী, এ. এন. এম., জি. এন. এম. সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.