শিৱসাগৰ জিলা উন্নয়ন সমিতিৰ বৈঠক অনুষ্ঠিত

0 271

শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈৰ অধ্যক্ষতাত আজি জিলা উন্নয়ন সমিতিৰ বৈঠক অনুষ্ঠিত হয়।উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত অনুষ্ঠিত এই বৈঠকত জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলীয়ে সভাৰ উদ্দেশ্য বাখ্যা কৰে।
 
বৈঠকত গড়কাপ্তানী গৃহ, গড়কাপ্তানী ক্ষেত্ৰীয় পথ সংমণ্ডল, গড়কাপ্তানী ৰাষ্ট্ৰীয় ঘাইপথ, জনস্বাস্থ্য কাৰিকৰী, জলসম্পদ আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেড আদি বিভাগৰ দ্বাৰা ৰূপায়িত আঁচনি আৰু কাম কাজৰ অগ্ৰগতিৰ পৰ্য্যালোচনা কৰা হয়। এই বিভাগ সমূহৰ মুৰব্বী বিষয়া সকলে পাৱাৰ পইণ্ট প্ৰেজেণ্টেচন যোগেদি তেওঁলোকৰ বিভাগীয় আঁচনি সমূহৰ কাম কাজৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰে।
 
উল্লেখ্য যে, মহামাৰী ক’ভিড-১৯ ৰোগৰ সাম্ভাব্য সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি তথা সামাজিক দূৰত্ব বজাই ৰখাটো সুনিশ্চিত কৰাৰ বাবে জিলা উন্নয়ন সমিতিৰ বৈঠক আজিৰে পৰা অহা ১ জুলাই লৈকে ৭ টা পৰ্য্যায়ত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
 
 
বৈঠকত বিভাগীয় আঁচনি সমূহৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে জিলা উপায়ুক্তই আঁচনি সমূহৰ কাম নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত শেষ কৰিবলৈ আৰু গুণগত মানদণ্ডৰ ওপৰত বিশেষ দৃষ্টি ৰাখিবলৈও বিভাগীয় বিষয়া সকলক নিৰ্দেশ দিয়ে।
 
স্বাস্থ্য বিভাগৰ নিৰ্দেশনামৰ্মে জিলা প্ৰশাসনৰ লগতে সকলো চৰকাৰী বিভাগৰ বিষয়া সকলৰ স্বাৱ পৰীক্ষা কৰা হ’ব বুলিও উপায়ুক্ত গৰাকীয়ে বৈঠকত সদৰি কৰে।
 
আজিৰ বৈঠকত নাজিৰাৰ মহকুমাধিপতি সম্প্ৰীতি গোস্বামী, সহকাৰী আয়ুক্ত মনালী প্ৰসাদ ৰজকৰ লগতে সংশ্লিষ্ট বিভাগ সমূহৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে।
খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিলিস্তান খানে..

Leave A Reply

Your email address will not be published.