২০ জুনৰ পৰা বিশেষ ৰেল চলিব

0 274

ক’ৰণা ভাইৰাছে সমগ্ৰ দেশৰে জনজীৱন স্তব্ধ কৰি তুলিছে। দিনে দিনে বৃদ্ধি পাইছে ক’ৰণা ভাইৰাছত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা। আজিৰে পৰা কিছুদিনৰ আগতে সমগ্ৰ দেশতে লকডাউন অব্যাহত আছিল।
 
 
 
যাৰ বাবে স্বাভাৱিক জনজীৱন ব্যাহত হৈছিল। বিশেষকৈ শ্ৰমিক সকলে হাৰাশাস্তিৰ সন্মুখীন হৈছিল। শ্ৰমিকসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি পৰিবহন বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে। যাত্ৰী সকলে যাতে সুকলমে ইখন ঠাইৰ পৰা সিখন ঠাইলৈ যাতায়াত কৰিব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই সম্পৰ্কত অসম ৰাজ্যিক পৰিবহন নিগমৰ সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে জনায় যে ২০জুনৰ নিশা ১০বজাত ডিব্ৰুগড়, তিনিচুকীয়া, শিমলাগুৰি, মৰিয়নী, ফৰকাটিং, লামডিং, চাপৰমুখ, গুৱাহাটী, ৰঙিয়া, বৰপেটা ৰোড, নিউ বঙাইগাঁও আৰু কোকৰাঝাৰ ষ্টেচনলৈ যাব।
 
এই বিশেষ ৰেলখন জয়পুৰ হৈ মালদা টাউন, জাচিদিহ, পাটনা, প্ৰয়াগ্ৰাহ, কানপুৰ চেণ্ট্ৰেল আৰু তুণ্ডলা হৈ যাতায়াত কৰিব। ৰাজস্থান, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিমবংগত থকা যিসকল কৰ্মচাৰী আৰু শ্ৰমিকে ইতিমধ্যে নাম পঞ্জীয়ন কৰিছে সেইসমূহে এই বিশেষ ৰেলেৰে যাতায়াত কৰিব পাৰিব।
 
যদি কিবা কাৰণত কোনোৱে তেওঁলোকৰ নাম পঞ্জীয়ন কৰা নাই তেতিয়াহ’লে সেইসমূহ লোকে ওচৰৰ আৰক্ষী থানা, চাৰ্কোল অফিচ, চাব ডিভিজনেল অফিচ, চাব ডিভিজনেল পুলিচ অফিচ, ডেপুটী কমিচনাৰৰ  অফিচত গৈ অহা ১৮জুনৰ সন্ধিয়া ৮বজালৈকে গৈ পঞ্জীয়ন কৰিব পাৰে। ৰে’লখনত তিনিটা বিশেষ সুবিধা থাকিব। ২৩জুনৰ ভিতৰত এই নন এচি শ্লীপাৰ ৰেলখন জয়পুৰ পাব।

Leave A Reply

Your email address will not be published.