দুৰ্গতিনাশিনী শক্তিৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ স্তুতি ,অৰ্চনা আৰাধনাই মহা সপ্তমীৰ আধ্যাত্মিকতাত বাঙ্ময় ৰূপ দিছে ঢকুৱাখনা মহকুমাত। ভয়াবহ কোৰোনা বিভীষিকাৰ মাজতে মহকুমাটোৰ ৫ টা স্থানত পৰম্পৰাগত ভাবে দেৱী বন্দনাৰ মহা আয়োজন চলিছে। মহকুমাটোৰ ঘিলামৰা থানাৰ অন্তৰ্গত দুখন , ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত শ্ৰী শ্ৰী ঈশ্বৰীয় হাৰ্হি দেৱালয় , শ্ৰী শ্ৰী সাৰ্বজনীন মিলন মন্দিৰ আৰু শ্ৰী শ্ৰী ঠাকুৰবাৰী বিষ্ণু মন্দিৰ প্ৰাংগণত শঙ্খ ,ডবা ,কাঁহ , ঘণ্টা ,ঢোল ,খোল ,তালৰ বিনন্দীয়া ধ্বনিৰ মাজত দেৱীৰ পূজা অৰ্চনা অব্যাহত আছে মহা সপ্তমীৰ দিনটোত। মহকুমাবাসীৰ উচাহ ভৰা আগমন আৰু শাৰদী ৰাণীৰ বন্দনাত বিধৌত হৈছে সকলোবোৰ পূজা মণ্ডপ আৰু আধ্যাত্মিক থলী। ১৭২২ খ্ৰীষ্টাব্দত চুতীয়া ৰজাৰ দিনত শদিয়াৰ তাম্ৰেশ্বৰী দেৱালয়ৰ পৰা বিগ্ৰহ আনি ঢকুৱাখনা জানৰ পাৰৰ দেৱলীয়া গাঁওৰ হাৰ্হি দেৱালয়ত প্ৰাণ প্ৰতিষ্ঠা কৰাৰ পৰা অৱধাৰিত ভাবে বলি বিধানেৰে দেৱী অৰ্চনা কৰি অহা হৈছে । এইবাৰো থান পৰিচালনা সমিতিৰ উদ্যোগত আৰু শাক্ত ধৰ্মী ভক্ত প্ৰাণ ৰাইজৰ সহযোগিতাত এই সৰ্ব পৰিচিত গোসাঁনী থানত পৰম্পৰাগত ভাবে মহালয়াৰ পৰা আৰম্ভ হৈছে বলি বিধানেৰে দেৱী পূজা। মঙলবাৰৰ মহা সপ্তমীৰ দিনাও অগণন ভক্তপ্ৰাণৰ আগমন ঘটে ঐতিহাসিক গোসাঁনী থানখনলৈ । ইস্পিত মনোবাঞ্ছা পূৰণৰ হেতু ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা গোসাঁনীৰ শ্ৰী চৰণত এভাগি শৰাই আগবঢ়াবলৈ আগমন ঘটা সেৱকী সকলে আগবঢ়োৱা কোমোৰা ,কুঁহিয়াৰ , জৰা , হাঁহ ,ছাগলী আদি বলিৰে দেৱীলৈ প্ৰসাদ অৰ্পণ কৰি কৃতাৰ্থ হোৱা সেৱকী সকলক যথাসাধ্য আতিথ্য আগবঢ়াইছে থান পৰিচালনা সমিতিয়ে । সমিতিৰ সভাপতি মুনিন বৰঠাকুৰ ,সম্পাদক মোহিনী শইকীয়াই জনোৱা মতে বিয়লি পৰ্যন্ত মুঠ ৯০ টা হাঁহ , ৪১ ছাগলী বলি দি দেৱী পূজা কৰিছে । সমিতিয়ে জনোৱামতে কাইলৈ মহা অষ্টমীৰ দিনা ভক্তপ্ৰাণ ৰাইজৰ হৈ পৰিচালনা সমিতিয়ে গোসাঁনীলৈ উৎসৰ্গা কৰা এটা গুণা মহ বলিৰ বাবে সাজু কৰি ৰখা হৈছে। ইয়াৰোপৰি মহাঅষ্টমীত শত সহস্ৰ হাঁহ ,ছাগলীৰো বলি দিয়াৰ পৰম্পৰা পুৱাৰ পৰাই অব্যাহত থাকিব বুলি জানিবলৈ দি উত্তৰ অসমৰ একমাত্ৰ মহা জাগ্ৰত শক্তি পীঠ ঐতিহাসিক গোসাঁনী থানলৈ ভক্তিভৰা নৈবেদ্য আগবঢ়াই মনোকামনা সিদ্ধিৰ সেৱা ধৰিছে থান পৰিচালনা সমিতিয়ে। বাতৰি যুগুতালে অমৃত পৱন বৰাই।
Trending
- বি আৰ অৰ পূৱ মণ্ডলৰ এ ডি জি হিচাপে জীতেন্দ্ৰ প্ৰসাদৰ কাৰ্যভাৰ গ্ৰহণ
- মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প – ব্ৰহ্মপুত্ৰৰ ওপৰত শুৱালকুচি – পলাশবাৰী সংযোগী দলঙৰ মাজিৰগাঁওৰ পৰা বিমানবন্দৰৰ সমীপলৈ নিৰ্মাণ হাইস্পীদ চাৰিলেনযুক্ত পথ সুকীয়াকৈ থাকিব
- Inauguration of Common Facility Center (CFC) under PM-DevINE Scheme at Chümoukedima, Nagaland
- চলিত মাহতে নথিপত্ৰ সঠিক কৰি লৈহে বাহন চলাওক- অসমত চলাচল কৰা বৰ্হিৰাজ্যৰ বাহন অসমৰ পৰিবহণ বিভাগত পঞ্জীয়ন কৰাৰ আহ্বান
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ দেশৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ বঁটা
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ
- ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পৰ্কৰ সফলতাই বিশ্বৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব: কোপেনহেগেন বিজনেছ স্কুলত ব্লু এম বি এ-ৰ প্ৰতিভাসমূহক সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান