সদ্যঘোষিত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা সংসদৰ দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থী সকলক ৰঞ্জিত কুমাৰ দাসৰ অভিনন্দন

1 309

আজি ঘোষিত হয় কেন্দ্ৰীয় মাধ্যমিক শিক্ষা সংসদৰ অধীনৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল। এই পৰীক্ষাত বহুকেইগৰাকী শিক্ষাৰ্থীয়ে সফলতা অৰ্জন কৰে। সফলতা প্ৰাপ্ত শিক্ষাৰ্থী সকলক ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। শিক্ষাৰ্থী সকলৰ এই সাফল্যৰ অংশীদাৰ অভিভাৱক আৰু শিক্ষাগুৰু সকলক কৃতজ্ঞতা জ্ঞাপন কৰে। 
 
 
 
কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ জৰিয়তে লাভ কৰা সফলতাই সকলোকে গৌৰৱান্বিত কৰিছে বুলি ৰঞ্জিত দাসে মন্তব্য কৰে। সমান্তৰালভাৱে যি সকল শিক্ষাৰ্থীয়ে পৰীক্ষাত আশানুৰূপ ফলাফল লাভ কৰিবলৈ সক্ষম নহ’ল সেইসকল শিক্ষাৰ্থীকো হতাশ নহ’বৰ বাবে আহ্বান জনায়।
 
 
 
 
পুনৰ যাতে এক দৃঢ় তথা নতুন উদ্যম, দৃঢ় মনোবল তথা সাধনাৰ জৰিয়তে তেওলোকে শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত মনোনিৱেশ কৰে তাৰবাবে পৰামৰ্শ দিয়ে।বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ সময়ত ব্যৱহাৰিক শিক্ষাৰ জৰিয়তে সমাজখনক প্ৰগতিৰ দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত শিক্ষাৰ্থী সকলক গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়।
 
 
 
 
 
অন্ধবিশ্বাস,কুসংস্কাৰ,অপপ্ৰচাৰ আদি সামাজিক ব্যাধি সমূহ সমাজৰ পৰা নিৰ্মূল কৰি সমাজক এক নতুন দিশত নেতৃত্ব দিয়াৰ কথা উল্লেখ কৰে ৰঞ্জিত দাসে। সমান্তৰালভাৱে বিভিন্ন বিষয় সমূহৰ সম্পৰ্কে পৰ্যালোচনা কৰি যোগাত্মক দিশ সমূহক কাৰ্যক্ষেত্ৰত ৰূপায়ন কৰাৰো কথা কয়৷ শিক্ষাৰ জ্যোতিৰে সমাজখন আলোকিত কৰি শিক্ষাৰ্থীসকলে ভৱিষ্যতে যাতে একোগৰাকী দায়বদ্ধ সুনাগৰিকৰূপে সমাজ তথা ৰাষ্ট্ৰৰ কল্যাণৰ স্বাৰ্থত আত্মনিয়োগ কৰিব পাৰে সেই সম্পৰ্কতো তেখেতে আশা প্ৰকাশ কৰে।

1 Comment
  1. dewandhrubajyotimaral says

    ধন্যবাদ

Your email address will not be published.