যোৱা ২৪ ডিচেম্বৰৰ পৰা ২৬ ডিচেম্বৰলৈ হায়দাৰবাদৰ তেলেংগনা চহৰত ভাৰতীয় টং ইল মুডো সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যোৱা সপ্তম ৰাষ্ট্ৰীয় টঙ ইল মুডো মাৰ্ছিয়েল আৰ্টছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা অসমৰ অসম টঙ ইল মুডো সন্থাৰ ৫২ জনীয়া (ল’ৰা ছোৱালী) প্ৰতিযোগীৰ দলটোৱে ৮ টা সোণৰ, ১১ টা ৰুপৰ ১১ টা ব্ৰঞ্জৰ মেডেল সহ মুঠ ২৯ টা মেডেল আজুৰি তৃতীয় স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। আন্ত:ৰাষ্ট্ৰীয় অলিম্পিক সন্থা আৰু ভাৰতীয় স্কুল ক্ৰীড়া সন্থাৰ অধীনত স্বীকৃতি প্ৰাপ্ত এই টঙ ইল মুডো মৰ্ছিয়েল আৰ্টছ প্ৰতিযোগিতাখন চাব জুনিয়ৰ, জুনিয়ৰ, ছিনিয়ৰ আৰু কেডেট শাখাত অনুষ্ঠিত হয়। অসম টং ইল মুডো সন্থাৰ সম্পাদক তথা আন্তঃ শাস্ত্ৰীয় খেলুৱৈ ধৰ্মেশ্বৰ হালৈৰ নেতৃত্বত যোৱা এই সপ্তম ৰাষ্ট্ৰীয় টং ইল মুডো মাৰ্চিয়েল আৰ্টছ খেল খনত অসম দলে অংশ গ্ৰহণ কৰি ৯ টা সোনৰ পদক অৰ্জন কৰা খেলুৱৈ কেইগৰাকী হ’ল ক্ৰমে সোণৰ পদক বিজয়ী কুইন দেৱী, জুনন্যা বৰুৱা, নিলাক্ষী দেৱী, ভাইওলিনা তালুকদাৰ, ৰিকিৰাজ ডেকা, প্ৰিয়ংকা বৰ্মন, বিচিত্ৰা ৰয় আৰু মধুস্মিতা বায়ন। আনহাতে ৰূপৰ পদক লাভ কৰা খেলুৱৈ সকল হৈছে -সত্য জিত লস্কৰ, মৌচুমী ডেকা, মৃন্ময় ডেকা, নৱ কান্ত ডেকা, বিউটি দাস বিশ্বাস, হিমাংশু নাথ, জিত মালাকৰ, দিকুমণি ডেকা, বৃন্দাবন ৰয়, মানসি বৰ্মন আৰু পূজা বৰ্মন। ইপিনে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে নয়ন জ্যোতি বৰদলৈ, ভণিতা দেৱী, মৃগঙ্গা ময়ূৰ তালুকদাৰ, দিগন্ত শৰ্মা, মন্দ্বীপ মালাকৰ, নয়ন মেধি, ৰাতুল মেধি, প্ৰিয়ংকা নাথ, জগদীশ ৰয়, ৰণিত ধৰ আৰু নিলাক্ষী দেৱী। উল্লেখ্য যে, এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনিত অসমৰ পৰা যোৱা ৯ জন প্ৰশিক্ষকে ক্ৰমে অশোক বৰ্মন, অভি দেউৰী, অনামিকা ওজা, বিমল দাস, অজয় বিশ্বাস, জয়ন্ত ঠাকুৰীয়া, সঞ্জয় শৰ্মা, নৱ জ্যোতি শৰ্মা আৰু সীমান্ত দাসে এই প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় ৰেফাৰীৰ স্বীকৃতি অৰ্জন কৰিছে। খেলুৱৈ সকলক এই সাফল্যতৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে টং ইল মুভো সন্থা, অসমৰ কাৰ্য্য কাৰী সভাপতি পংকজ কুমাৰ দাস আৰু সন্থাৰ সভাপতি চন্দন কুমাৰ নাথে।
Trending
- বি আৰ অৰ পূৱ মণ্ডলৰ এ ডি জি হিচাপে জীতেন্দ্ৰ প্ৰসাদৰ কাৰ্যভাৰ গ্ৰহণ
- মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প – ব্ৰহ্মপুত্ৰৰ ওপৰত শুৱালকুচি – পলাশবাৰী সংযোগী দলঙৰ মাজিৰগাঁওৰ পৰা বিমানবন্দৰৰ সমীপলৈ নিৰ্মাণ হাইস্পীদ চাৰিলেনযুক্ত পথ সুকীয়াকৈ থাকিব
- Inauguration of Common Facility Center (CFC) under PM-DevINE Scheme at Chümoukedima, Nagaland
- চলিত মাহতে নথিপত্ৰ সঠিক কৰি লৈহে বাহন চলাওক- অসমত চলাচল কৰা বৰ্হিৰাজ্যৰ বাহন অসমৰ পৰিবহণ বিভাগত পঞ্জীয়ন কৰাৰ আহ্বান
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ দেশৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ বঁটা
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ
- ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পৰ্কৰ সফলতাই বিশ্বৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব: কোপেনহেগেন বিজনেছ স্কুলত ব্লু এম বি এ-ৰ প্ৰতিভাসমূহক সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান