ৰঙিয়া পৌৰসভাৰ ফটো সম্বলিত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

0 182

আগন্তুক পৌৰসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰঙিয়া মহকুমাৰ মহকুমাধিপতি (অসামৰিক) স্বপ্নীল পালে, ভা: প্ৰ: সে: , আজি ৰঙিয়া পৌৰসভাৰ ১০ টা ৱাৰ্ডৰ বাবে ফটো সম্বলিত চূড়ান্ত ভোটাৰ তালিকাখন প্ৰকাশ কৰে। উল্লেখ্য যে, মহকুমাধিপতিয়ে আজি ২৮ ডিচেম্বৰ’ ২০২১ তাৰিখে পত্ৰ নং আৰ ডি পি ৩৭/ আৰ এম বি ই ২২/২০২১/৬৬ /৩৫০৩ যোগে ৰাজ্যিক নিৰ্বাচন আয়োগক এই কথা সদৰি কৰিছে। প্ৰণিধানযোগ্য যে, পহিলা জানুৱাৰী’ ২০২২ক ভিত্তি তাৰিখ হিচাপে লৈ প্ৰস্তুত কৰা ৰঙিয়া পৌৰসভাৰ ফটো সম্বলিত চূড়ান্ত ভোটাৰ তালিকা অনুসৰি সৰ্বমুঠ ভোটাৰৰ সংখ্যা হৈছে ২২,০০৭ গৰাকী। ইয়াৰে ১০,৮৬৩ জন পুৰুষৰ বিপৰীতে মহিলা ভোটাৰ সংখ্যা হ’ল ১১,১৪৪ গৰাকী । আনহাতে, ৰঙিয়া পৌৰসভাৰ মূঠ ১০ টা ৱাৰ্ড সামৰি স্থাপন কৰা ২৩ টা ভোট কেন্দ্ৰৰ ভিতৰত ২১ টা ৰঙিয়া বিধানসভা সমষ্টিত আৰু ২টা কমলপুৰ বিধানসভা সমষ্টি এলেকাৰ অন্তৰ্গত। ইফালে, ৰঙিয়া পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া লীণা কুমাৰী পাৱে আজি ৰঙিয়া পৌৰসভাৰ আটাইকেইটা ৱাৰ্ডৰ বাবে ফটো সম্বলিত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ প্ৰমাণপত্ৰ মহকুমাধিপতি (অসামৰিক) অৰ্পণ কৰে।
বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

Leave A Reply

Your email address will not be published.