যোৱা ২৪ ডিচেম্বৰৰ পৰা ২৬ ডিচেম্বৰলৈ হায়দাৰবাদৰ তেলেংগনা চহৰত ভাৰতীয় টং ইল মুডো সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যোৱা সপ্তম ৰাষ্ট্ৰীয় টঙ ইল মুডো মাৰ্ছিয়েল আৰ্টছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা অসমৰ অসম টঙ ইল মুডো সন্থাৰ ৫২ জনীয়া (ল’ৰা ছোৱালী) প্ৰতিযোগীৰ দলটোৱে ৮ টা সোণৰ, ১১ টা ৰুপৰ ১১ টা ব্ৰঞ্জৰ মেডেল সহ মুঠ ২৯ টা মেডেল আজুৰি তৃতীয় স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। আন্ত:ৰাষ্ট্ৰীয় অলিম্পিক সন্থা আৰু ভাৰতীয় স্কুল ক্ৰীড়া সন্থাৰ অধীনত স্বীকৃতি প্ৰাপ্ত এই টঙ ইল মুডো মৰ্ছিয়েল আৰ্টছ প্ৰতিযোগিতাখন চাব জুনিয়ৰ, জুনিয়ৰ, ছিনিয়ৰ আৰু কেডেট শাখাত অনুষ্ঠিত হয়। অসম টং ইল মুডো সন্থাৰ সম্পাদক তথা আন্তঃ শাস্ত্ৰীয় খেলুৱৈ ধৰ্মেশ্বৰ হালৈৰ নেতৃত্বত যোৱা এই সপ্তম ৰাষ্ট্ৰীয় টং ইল মুডো মাৰ্চিয়েল আৰ্টছ খেল খনত অসম দলে অংশ গ্ৰহণ কৰি ৯ টা সোনৰ পদক অৰ্জন কৰা খেলুৱৈ কেইগৰাকী হ’ল ক্ৰমে সোণৰ পদক বিজয়ী কুইন দেৱী, জুনন্যা বৰুৱা, নিলাক্ষী দেৱী, ভাইওলিনা তালুকদাৰ, ৰিকিৰাজ ডেকা, প্ৰিয়ংকা বৰ্মন, বিচিত্ৰা ৰয় আৰু মধুস্মিতা বায়ন। আনহাতে ৰূপৰ পদক লাভ কৰা খেলুৱৈ সকল হৈছে -সত্য জিত লস্কৰ, মৌচুমী ডেকা, মৃন্ময় ডেকা, নৱ কান্ত ডেকা, বিউটি দাস বিশ্বাস, হিমাংশু নাথ, জিত মালাকৰ, দিকুমণি ডেকা, বৃন্দাবন ৰয়, মানসি বৰ্মন আৰু পূজা বৰ্মন। ইপিনে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে নয়ন জ্যোতি বৰদলৈ, ভণিতা দেৱী, মৃগঙ্গা ময়ূৰ তালুকদাৰ, দিগন্ত শৰ্মা, মন্দ্বীপ মালাকৰ, নয়ন মেধি, ৰাতুল মেধি, প্ৰিয়ংকা নাথ, জগদীশ ৰয়, ৰণিত ধৰ আৰু নিলাক্ষী দেৱী। উল্লেখ্য যে, এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনিত অসমৰ পৰা যোৱা ৯ জন প্ৰশিক্ষকে ক্ৰমে অশোক বৰ্মন, অভি দেউৰী, অনামিকা ওজা, বিমল দাস, অজয় বিশ্বাস, জয়ন্ত ঠাকুৰীয়া, সঞ্জয় শৰ্মা, নৱ জ্যোতি শৰ্মা আৰু সীমান্ত দাসে এই প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় ৰেফাৰীৰ স্বীকৃতি অৰ্জন কৰিছে। খেলুৱৈ সকলক এই সাফল্যতৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে টং ইল মুভো সন্থা, অসমৰ কাৰ্য্য কাৰী সভাপতি পংকজ কুমাৰ দাস আৰু সন্থাৰ সভাপতি চন্দন কুমাৰ নাথে।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan