ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰণালয়ৰ অনুমোদন সাপেক্ষে নেহেৰু যুৱ কেন্দ্ৰ সংগঠনে আৰম্ভ কৰা কাৰ্যসূচীৰ অংশ হিচাপে কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত যুৱ আৱাস, পল্টণ বজাৰ গুৱাহাটীত ১৩ ফেব্ৰুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ ৫ দিনীয়া কাৰ্যসূচীৰে সীমান্ত এলেকা যুৱ আদান-প্ৰদান শিৱিৰ অনুষ্ঠিত হয়। আজি যুৱ আৱাসত অনুষ্ঠিত সামৰণি অনুষ্ঠানত নেহেৰু যুৱ কেন্দ্ৰ সংগঠনৰ ৰাজ্যিক সঞ্চালক দীনবন্ধু সাহা, জিলা যুৱ বিষয়া চয়ণ শুক্ল বৈদ্য আৰু গাণনিক আৰু কাৰ্য্যসূচী পৰ্যবেক্ষক জীৱন চন্দ্ৰ দলে,উপস্থিত থাকি বক্তব্য আগবঢ়ায়। অৰুণাচল, মিজোৰাম, মণিপুৰ, নাগালেণ্ড, মেঘালয় আৰু ত্ৰিপুৰা ৰাজ্যৰ মুঠ ২৫ গৰাকী যুৱ প্ৰতিনিধিৰ লগতে অসমৰ বিভিন্ন জনগোষ্ঠীয় যুৱক যুৱতীৰ মাজত একতা, ভাতৃত্ববোধৰ লগতে ভাষা, সাংস্কৃতিক সমন্বয়, সম্প্ৰীতিৰ আদান- প্ৰদানৰ লগতে শৈক্ষিক কাৰ্য্যসূচীত সমল ব্যক্তি হিচাপে নেহেৰু যুৱ কেন্দ্ৰ সংগঠনৰ অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক মায়া শঙ্কৰ বাৰ্মা, জামাদাৰহাট জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক আজিজুৰ ৰহমান, নেহেৰু যুৱ কেন্দ্ৰ মৰিগাঁৱৰ গাণনিক আৰু কাৰ্য্যসূচী সহায়ক ধনঞ্জয় তালুকদাৰ, ৰেড ক্ৰছ ছছাইটিৰ কাৰ্য্যবাহী সহায়ক দিব্যজোতি ডেকা, স্কিল ফিনিটি সংস্থাৰ প্ৰতিস্থাপক অঞ্জন চৌধুৰী, বিশিষ্ট লিখক- কুইজ মাষ্টাৰ নৱকান্ত বৈশ্য, ট্ৰাইফেড, আঞ্চলিক কাৰ্যালয়ৰ উত্তৰ পূৰ্বাঞ্চলৰ জ্যেষ্ঠ আঁচনি কাৰ্যবাহী বিষয়া আচিফ ইকবাল হুছেইন,ডন বস্কʼ খাৰঘূলীৰ ফেকাল্টী ৰবি জন হেমব্ৰম, আদি সমল ব্যক্তিয়ে কাৰ্য্যসূচী অনুসৰি প্ৰশিক্ষণ প্ৰদান কৰে।প্ৰতিদিনে ৰাতিপুৱা অনুষ্ঠিত আকৰ্ষণীয় যোগাভ্যাস, ক্ষেত্ৰ ভ্ৰমণ কাৰ্য্যসূচীত কামাখ্যা মন্দিৰ, বালাজি মন্দিৰ, পামহী পাৰিজাত চছাইটি, দ্বীপৰ বিল জলাশয়, ৰাজ্যিক চিৰিয়াখানা, পাণ বজাৰ ডন বস্কʼ গীৰ্জা পৰিদৰ্শন,ভাৰত জানো কুইজ, সাংস্কৃতিক বিনিময় আদি বিভিন্ন কাৰ্য্যসূচীৰে শিৱিৰৰ সফল সামৰণি পৰে। সামৰণি অনুষ্ঠানত প্ৰতিজন প্ৰশিক্ষাৰ্থীক একোখন অংশগ্ৰহণৰ মানপত্ৰ প্ৰদান কৰা হয়।নেহেৰু যুৱ কেন্দ্ৰ কামৰূপৰ জিলা যুৱ বিষয়া চয়ণ শুক্ল বৈদ্যই পাঁচ দিনীয়া শিৱিৰত অংশ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থী, সমল ব্যক্তিৰ লগতে নিমন্ত্ৰিত অতিথি সকলক শিবিৰৰ সফল সামৰণিৰ বাবে বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰে।
Trending
- NSE and India Habitat Centre Partner to Empower Citizens with Financial Literacy
- পথিকৰ উদ্যোগত যোৰহাটত চাইক্লাথন
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত মধুপুৰ সত্ৰত সাঁচিপতীয়া পুথি পঠন-সংৰক্ষণ শীর্ষক কর্মশালা সম্পন্ন
- জাপানৰ ওছাকাত অনুষ্ঠিত হোৱা ৱৰ্ল্ড এক্সপ’ ২০২৫ত অসম ৰাজ্যিক প্ৰেক্ষাগৃহ উদ্বোধন
- ৰোগৰ নিৰ্ণয়ৰ পৰীক্ষা সমূহৰ মাচুল নিয়ন্ত্রণৰ বাবে গণস্বাক্ষৰ অভিযানৰ আৰম্ভণি আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান
- India is Emerging as a Financial Powerhouse, Says NSE Chief
- ক্ৰীড়াৰ জৰিয়তে এইচ ডি এফ চি বেংক পৰিৱৰ্তনে আজিলৈকে ৫ হাজাৰ ব্যক্তিক প্ৰভাৱিত কৰিছে।
- BJP Government Committed to Reclaiming Land from Infiltrators: Amit Shah
- আজাৰা পাটগাঁৱত বি এছ এফৰ আন্তঃকমাণ্ড মহিলা ক্ৰীড়া সমাৰোহৰ সামৰণি
- চীন দূতাবাসৰ পাঁচজনীয়া কূটনীতিবিদৰ দলৰ কটন বিশ্ববিদ্যালয় পৰিদৰ্শন