সুস্বাস্থ্যৰ গৰাকী হ’বলৈ দৈনিক চাইকেল চলাওক

0 354

আজি বিশ্ব চাইকেল দিৱস।সমগ্ৰ বিশ্বই ৩ জুনৰ দিনটো বিশ্ব চাইকেল দিৱস হিচাপে উদযাপন কৰি আহিছে। চাইকেলৰ ব্যৱহাৰ জনসমাজত জনপ্ৰিয় কৰি তোলা উদ্দেশ্যে এই দিৱস উদযাপন কৰা হয়।আচলতে চাইকেল চলালে শাৰীৰিক উৎকৰ্ষ সাধন হয়।
আটাইতকৈ ডাঙৰ কথা হ’ল চাইকেল পৰিবহনে যান বাহনত হোৱা খৰচৰ মাত্ৰা হ্ৰাস কৰে।ইয়াৰ উপৰিও পৰিৱেশ প্ৰদূষণও কম হয়।যুগ যুগ ধৰি চাইকেল পৰিবহনে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে।চাইকেল পৰিবহন হ’ল পৰিৱেশ অনুকূল আৰু আমাৰ স্বাস্থ্য বাবে উপকাৰী এক পৰিবহনৰ মাধ্যম।চাইকেল পৰিবহনৰ গুৰুত্ব বুজিয়ে দেশৰ আগশাৰীৰ চহৰ সমূহত চাইকেল আৰোহীৰ বাবে এক সুকীয়া ৰাস্তাৰ ব্যৱস্থা কৰি দিছে।মহানগৰী গুৱাহাটীতো কেইবছৰমান তুলনাতত চাইকেল ব্যৱহাৰ কাৰী যথেষ্ট বৃদ্ধি পাইছে।বিশেষকৈ মিনি লকডাউনৰ এই সময়খিনিত অধিকাংশ লোকে চাইকেল ব্যৱহাৰ কৰা দেখা গৈছে।
এক ৰিপৰ্টত প্ৰকাশিত তথ্য অনুসৰি পুৱাৰ ভাগত চাইকেল চলালে শৰীৰত এনাৰ্জী উৎপন্ন হয় আৰু ৰাতি সুন্দৰ টোপনি আহে। ইয়াৰ উপৰিও চাইকেল চলালে মনোসংযোগ, স্মৃতি শক্তি প্ৰখৰ হয়।লগতে চাইকেল চলালে শৰীৰৰ ওজন কম হয়।
চাইকেল পৰিবহন ব্যৱস্থা ক’ৰণা সময়তো উত্তম পৰিবহন ব্যৱস্থা হিচাপে পৰিগণিত হৈছে। আনহাতে চাইকেলেৰে দেশ ভ্ৰমণ কৰা গৰাকীয়ে বহু সময়ত সংবাদৰ শিৰোনাম দখল কৰা দেখা যায়। শেষত সকলোকে বিশ্ব চাইকেল দিৱসৰ শুভেচ্ছা জনালোঁ।

Leave A Reply

Your email address will not be published.