It’s not a goodbye, it’s a see you later!কিয় লিখিলে অংকিতাই

0 918

বলিউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ বাৰ্ষিকী কেইদিনমান পিছতে সম্পূৰ্ণ হ’ব।এই সময়তে চৰ্চাত আহিছে সুশান্ত প্ৰাক্তন প্ৰেয়সীৰ এটা আৱেগভৰা পোষ্ট। Instagram ত প্ৰাক্তন প্ৰেয়সী অংকিতা লখণ্ডে এটা পোষ্টত লিখিছে it’s not a goodbye It’s a see you later.এই পোষ্ট পাই সকলোৱে আচৰিত হৈছে ।এই পোষ্টটোৰ বাবে পুনৰ চর্চাত আহিছে প্ৰাক্তন প্ৰেমিকা গৰাকী।অৱশ্যে কি কাৰণত এই আৱেগ ভৰা পোষ্টতো লিখিছিল এতিয়া লৈকে জানিব পৰা নাই যদিও একাংশ অনুৰাগীয়ে সুশান্তৰ লগত সম্পৰ্কিত বুলি দাবী কৰিছে।
উল্লেখযোগ্য যে আজি পৰা কিছু দিন পূৰ্বে সুশান্তৰ ফ্লেটমেট সিদ্ধাৰ্থ পৃথানী ড্ৰাকচ কাণ্ডৰ বাবে আটক কৰিছিল।আৰু সিদ্ধাৰ্থ পৃথানী পিছত সুশান্ত ঘৰত ৰান্ধনী নীৰজ আৰু দ্বীপেশ স্বাৱনকো এই ড্ৰাকচ কেছত সোধ পোছ কৰা হ’ব বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে পৃথানীয়ে আছিল একমাত্ৰ প্ৰত্যক্ষদৰ্শী, যিয়ে সুশান্ত সিঙৰ ওলমি থকা মৃতদেহ দেখা পাইছিল।

Leave A Reply

Your email address will not be published.