২০২১ ইং বৰ্ষৰ ২ মে’ৰ দিনটোত ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে আন আন সমষ্টিৰ লগতে পলাশবাৰী সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল হেমাংগ ঠাকুৰীয়া। সেয়েহে পলাশবাৰীত আজি দিনযোৰা কাৰ্যসূচীৰে এবছৰীয়া বৰ্ষপুৰ্তি উদযাপন কৰে বিধায়ক ঠাকুৰীয়াই। ৰাতিপুৱা মিৰ্জাস্থিত শ্ৰীশ্ৰী মাঁ নিজেশ্বৰী মন্দিৰত আশীষ লয় বিধায়কগৰাকীয়ে। এই পবিত্ৰ স্থানৰ পৰাই যোৱা বছৰৰ বিধান সভা নিৰ্বাচনত মনোনয়ন দাখিল কৰিবলৈ যোৱা সময়ত আশীষ লৈ গৈছিল বিধায়কগৰাকীয়ে। আজি নিজৰ এবছৰীয়া কাৰ্যকালৰ পূৰ্ণ হোৱাত এবছৰীয়া দিনটোত পুনৰ মনত পেলাই আশীষ লবলৈ আহিল শ্ৰীশ্ৰী নিজেশ্বৰী মন্দিৰলৈ। তাৰ পিছতে সোনতলাস্থিত দ্বীপশিখা ফাউণ্ডেচনে গঢ়ি তোলা কৰ্কট ৰোগীৰ শুশ্ৰূষা কেন্দ্ৰত উপস্থিত হৈ ৰোগীসকলৰ মাজত ফলমূল বিতৰণ কৰাৰ লগতে আৰ্থিকভাৱেও সহায়ৰ হাত আগবঢ়ায়। বৰ্ষপুৰ্তি উপলক্ষে বিধায়ক হেমাংগ ঠাকুৰীয়াৰ পৃষ্ঠপোষকতাত মিৰ্জাস্থিত সতোপাৰা ৰাইজ গয়ৰহ মন্দিৰ প্ৰাঙ্গনত দলীয় কাৰ্যকৰ্তাৰ মতবিনিময় অনুষ্ঠান অনুষ্ঠিত কৰে। দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি ধনেশ্বৰ তালুকদাৰৰ পৌৰোহিত্যত অনুষ্ঠিত মতবিনিময় অনুষ্ঠানত বিধায়ক হেমাংগ ঠাকুৰীয়াই কেকে কাটি এবছৰীয়া বৰ্ষপূৰ্তি উদযাপন কৰে। লগতে বিধায়ক ঠাকুৰীয়াই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠিত বিজেপি চৰকাৰৰ বিভিন্ন উন্নয়ণমূলক আঁচনিৰ খতিয়ান দাঙি ধৰাৰ লগতে পলাশবাৰী সমষ্টিৰো উন্নয়ণৰ খতিয়ান দাঙি ধৰে। লগতে পৰৱৰ্তী সময়ত অধিক উন্নয়ণমূলক কাম কৰি যাব বুলি ভাষণ প্ৰসঙ্গত উল্লেখ কৰে বিধায়ক ঠাকুৰীয়াই। সভাত ৰাজ্যিক সদস্য অনুপ কুমাৰ মেধি, অঞ্জন গোস্বামীসহ বহুকেইজন বিজেপিৰ নেতাই উপস্থিত থাকি বিজেপি চৰকাৰৰ উন্নয়ণ মুলক আঁচনি তথা হেমাংগ ঠাকুৰীয়াৰ কৰ্ম দক্ষতাৰ শলাগ লৈ পৰৱৰ্তী সময়ত নতুন উদ্যমৰে কাম কৰি যোৱাৰ বাবে প্ৰেৰণ যোগাই। মতবিনিময় অনুষ্ঠানৰ পিছতে দুটি বিহু দলে বিহু নৃত্য প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে। অনুষ্ঠানত কেইবা শতাধিক দলীয় নেতা-কৰ্মী আৰু শুভাকাংশীসকল উপস্থিত থাকে। সন্ধিয়া জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশ গীতৰ অনুষ্ঠান অনুষ্ঠিত হ’ব।
Trending
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন