২০২১ ইং বৰ্ষৰ ২ মে’ৰ দিনটোত ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে আন আন সমষ্টিৰ লগতে পলাশবাৰী সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল হেমাংগ ঠাকুৰীয়া। সেয়েহে পলাশবাৰীত আজি দিনযোৰা কাৰ্যসূচীৰে এবছৰীয়া বৰ্ষপুৰ্তি উদযাপন কৰে বিধায়ক ঠাকুৰীয়াই। ৰাতিপুৱা মিৰ্জাস্থিত শ্ৰীশ্ৰী মাঁ নিজেশ্বৰী মন্দিৰত আশীষ লয় বিধায়কগৰাকীয়ে। এই পবিত্ৰ স্থানৰ পৰাই যোৱা বছৰৰ বিধান সভা নিৰ্বাচনত মনোনয়ন দাখিল কৰিবলৈ যোৱা সময়ত আশীষ লৈ গৈছিল বিধায়কগৰাকীয়ে। আজি নিজৰ এবছৰীয়া কাৰ্যকালৰ পূৰ্ণ হোৱাত এবছৰীয়া দিনটোত পুনৰ মনত পেলাই আশীষ লবলৈ আহিল শ্ৰীশ্ৰী নিজেশ্বৰী মন্দিৰলৈ। তাৰ পিছতে সোনতলাস্থিত দ্বীপশিখা ফাউণ্ডেচনে গঢ়ি তোলা কৰ্কট ৰোগীৰ শুশ্ৰূষা কেন্দ্ৰত উপস্থিত হৈ ৰোগীসকলৰ মাজত ফলমূল বিতৰণ কৰাৰ লগতে আৰ্থিকভাৱেও সহায়ৰ হাত আগবঢ়ায়। বৰ্ষপুৰ্তি উপলক্ষে বিধায়ক হেমাংগ ঠাকুৰীয়াৰ পৃষ্ঠপোষকতাত মিৰ্জাস্থিত সতোপাৰা ৰাইজ গয়ৰহ মন্দিৰ প্ৰাঙ্গনত দলীয় কাৰ্যকৰ্তাৰ মতবিনিময় অনুষ্ঠান অনুষ্ঠিত কৰে। দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি ধনেশ্বৰ তালুকদাৰৰ পৌৰোহিত্যত অনুষ্ঠিত মতবিনিময় অনুষ্ঠানত বিধায়ক হেমাংগ ঠাকুৰীয়াই কেকে কাটি এবছৰীয়া বৰ্ষপূৰ্তি উদযাপন কৰে। লগতে বিধায়ক ঠাকুৰীয়াই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠিত বিজেপি চৰকাৰৰ বিভিন্ন উন্নয়ণমূলক আঁচনিৰ খতিয়ান দাঙি ধৰাৰ লগতে পলাশবাৰী সমষ্টিৰো উন্নয়ণৰ খতিয়ান দাঙি ধৰে। লগতে পৰৱৰ্তী সময়ত অধিক উন্নয়ণমূলক কাম কৰি যাব বুলি ভাষণ প্ৰসঙ্গত উল্লেখ কৰে বিধায়ক ঠাকুৰীয়াই। সভাত ৰাজ্যিক সদস্য অনুপ কুমাৰ মেধি, অঞ্জন গোস্বামীসহ বহুকেইজন বিজেপিৰ নেতাই উপস্থিত থাকি বিজেপি চৰকাৰৰ উন্নয়ণ মুলক আঁচনি তথা হেমাংগ ঠাকুৰীয়াৰ কৰ্ম দক্ষতাৰ শলাগ লৈ পৰৱৰ্তী সময়ত নতুন উদ্যমৰে কাম কৰি যোৱাৰ বাবে প্ৰেৰণ যোগাই। মতবিনিময় অনুষ্ঠানৰ পিছতে দুটি বিহু দলে বিহু নৃত্য প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে। অনুষ্ঠানত কেইবা শতাধিক দলীয় নেতা-কৰ্মী আৰু শুভাকাংশীসকল উপস্থিত থাকে। সন্ধিয়া জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশ গীতৰ অনুষ্ঠান অনুষ্ঠিত হ’ব।
Trending
- বি আৰ অৰ পূৱ মণ্ডলৰ এ ডি জি হিচাপে জীতেন্দ্ৰ প্ৰসাদৰ কাৰ্যভাৰ গ্ৰহণ
- মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প – ব্ৰহ্মপুত্ৰৰ ওপৰত শুৱালকুচি – পলাশবাৰী সংযোগী দলঙৰ মাজিৰগাঁওৰ পৰা বিমানবন্দৰৰ সমীপলৈ নিৰ্মাণ হাইস্পীদ চাৰিলেনযুক্ত পথ সুকীয়াকৈ থাকিব
- Inauguration of Common Facility Center (CFC) under PM-DevINE Scheme at Chümoukedima, Nagaland
- চলিত মাহতে নথিপত্ৰ সঠিক কৰি লৈহে বাহন চলাওক- অসমত চলাচল কৰা বৰ্হিৰাজ্যৰ বাহন অসমৰ পৰিবহণ বিভাগত পঞ্জীয়ন কৰাৰ আহ্বান
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ দেশৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ বঁটা
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ
- ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পৰ্কৰ সফলতাই বিশ্বৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব: কোপেনহেগেন বিজনেছ স্কুলত ব্লু এম বি এ-ৰ প্ৰতিভাসমূহক সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান