১৯৯৮ চনত স্থাপন হোৱা গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ উদ্যোগত গুৱাহাটীৰ ৰবীন্দ্ৰভৱনত আজি বিয়লি ৩:৪৫ আৰু সন্ধিয়া ৬:৩০ বজাত মানিক ৰয়ৰ পৰিকল্পনা আৰু পৰিচালনাত দুবাৰকৈ মঞ্চস্থ হয় “মেজিক ষ্টিক” শীৰ্ষক শিশু নাটখন৷শিশু নাটকৰ ধাৰাক এক উন্নত পৰ্যায়লৈ লৈ যোৱাৰ উদ্দেশ্যেৰে বিষ্ণু- নিৰ্মলা ভৱনস্থিত গুৱাহাটী শিশু নাট্য বিদ্যালয়ে নানান ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে৷শিশুৰ সৃজনশীল মনটোক বিভিন্ন ধৰণেৰে ভৰণ-পোষণ দিয়াৰ লগতে অভিনয় প্ৰশিক্ষণৰ উপৰিও শিশুৰ শাৰীৰিক,মানসিক আৰু ব্যক্তিত্বৰ বিকাশত গুৰুত্ব দি অহা বিদ্যালয়খনৰ আজিৰ নিবেদন “মেজিক ষ্টিক” নাটখনত পৰিচালক তথা নাট্যপৰিকল্পক মানিক ৰয়ে শিশু সমাজত প্ৰচলিত তিনিটা পৃথিৱী বিখ্যাত সাধু ‘সিংহ আৰু নিগনি’,’শহা আৰু কাছ’,’বুধিয়ক কাউৰী’ৰ সংমিশ্ৰণ কৰি নাটকীয় ৰূপ দিয়াৰ চেষ্টা কৰিছে৷নাটকীয় কাহিনী, চৰিত্ৰ ,সংলাপ সংযোজন কৰি দৰ্শকৰ বাবে বিশেষকৈ শিশুসকলৰ বাবে আগবঢ়োৱা মেজিক ষ্টিক নাটখনত বিজিত কুমাৰ দাস,আফতাব আহমেদ,সৃষ্টি শৰ্মা,চিন্ময় কৃষ্ণ সন্দিকৈ,ৰশ্মি ৰেখা শৰ্মা,বিৰিঞ্চি বড়া,অনিশা দত্ত,হাচান চাহনোৱাজ ইছলাম,নিকিতা শৰ্মা,পাৰ্থপ্ৰতীম বৰুৱা,জিতেন চুতিয়া,ওম কাশ্যপ,নিশাংকিতা শৰ্মা,সমীৰণ দাস,জিষ্ণু প্ৰতীম বৰুৱা,ধৃতিক ৰাজ ডেকা আদিয়ে সুঅভিনয় কৰে৷আৰ্চদ এ ৰহমান আৰু লেনিন বৰাৰ সংগীত,মৌমিতা শইকীয়াৰ ৰূপসজ্জা,প্ৰদীপ ৰয়ৰ মঞ্চসজ্জা,ডিম্পল দাসৰ পোহৰ,ৰেখা দাসৰ সাজসজ্জাৰ মেজিক ষ্টিক নাটখনৰ প্ৰযোজনা আছিল গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ৷
Trending
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন