ৰাজ্যৰ ৬ খন গোশালাক ১০ লাখ টকাকৈ অনুদান প্ৰদান কৰা হ’ব – মন্ত্ৰী অতুল বৰা

0 136

জীৱ-জন্তুৰ বেআইনী সৰবৰাহ তথা নিষ্ঠুৰ আচৰণৰ অপৰাধসমূহ প্ৰতিৰোধৰ ক্ষেত্ৰত Prevention of Cruelty to Animal Act, 1960ৰ অধীনত গঠন হোৱা অসম ৰাজ্যিক পশু কল্যাণ বোৰ্ডখনৰ যথেষ্ট ভূমিকা থাকে। তিনি বছৰৰ অন্তৰে অন্তৰে পুনৰ্গঠন হোৱা এই বোৰ্ডখনৰ পুনৰ গঠন সন্দৰ্ভত আজি জনতা ভৱনত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰা এখন বৈঠকত মিলিত হয়।

বোৰ্ডখনে বিধিগতভাৱে পালন কৰিবলগীয়া কাৰ্যাৱলী পালনৰ বাবে পুনৰ গঠনৰ প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰি বোৰ্ডখন অধিক সক্ৰিয় কৰিবলৈ বৈঠকত সংশ্লিষ্ট বিষয়াসকলক মন্ত্ৰী গৰাকীয়ে যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে।

ৰাজ্যৰ ৬ খন গোশালাক ১০ লাখ টকাকৈ অনুদান প্ৰদান কৰা হ’ব। এই সন্দৰ্ভত বিষয়াসকলৰ সৈতে বিস্তৃতভাৱে আলোচনা কৰা হয় আৰু গোশালাসমূহক অধিক দুগ্ধ উৎপাদনমুখী কৰি তোলাৰ বাবে বিভাগে ল’বলগীয়া যাৱতীয় পদক্ষেপৰ বিষয়েও মন্ত্ৰী গৰাকীয়ে আলোচনা কৰে।

লগতে, দেশৰ বেলেগ ৰাজ্যত সফলতাৰে দুগ্ধ উৎপাদনত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰি থকা গোশালাসমূহ পৰিদৰ্শন কৰি আমাৰ ৰাজ্যখনৰ গোশালাবোৰৰ বাবে এখন নতুন Standard Operating System (SOP) প্ৰস্তুতৰ বাবে বৈঠকত বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে।

বৈঠকত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ প্ৰধান সচিব শ্ৰী মনীষ ঠাকুৰ, সচিব শ্ৰী অভিজিত বৰুৱা, সঞ্চালক শ্ৰী জাভিৰ ৰাহুল সুৰেশ প্ৰমুখ্যে বিভাগৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.