ভিষ্টাডোম কোচৰ সৈতে আগৰতলা আৰু শিলচৰৰ মাজত গ্ৰীষ্মকালীন বিশেষ ৰেলৰ পৰিচালন

0 204

যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে, আগৰতলা আৰু শিলচৰৰ মাজত এটা ভিষ্টাডোম কোচৰ সৈতে গ্ৰীষ্মকালীন বিশেষ ৰেল চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰেলখন প্ৰতি বৃহস্পতিবাৰে আৰু শনিবাৰে ২৯ জুনৰ পৰা ২১ ছেপ্টেম্বৰ ২০২৩ লৈ উভয় দিশত পঁচিশ টাকৈ ট্ৰিপৰ বাবে চলিব।

সেই অনুসৰি,ৰেল নং ০৫৬৯৫ (আগৰতলা – শিলচৰ) বিশেষ ৰেলখন আগৰতলাৰ পৰা ০৬.০০ বজাত যাত্ৰা আৰম্ভ কৰি ১১.৩০ বজাত শিলচৰত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰেল নং ০৫৬৯৬ (শিলচৰ – আগৰতলা) বিশেষ শিলচৰৰ পৰা ১৬.৩৫ বজাত যাত্ৰা আৰম্ভ কৰি ২২.০৫ বজাত আগৰতলাত গৈ উপস্থিত হ’ব।

অৰুণাচল ষ্টেচনত ষ্টপেজ থাকিব। ৰেলখনত এখন এচি চেয়াৰ কাৰ, চাৰিখন জেনেৰেল চেয়াৰ কাৰ, এটা ভিষ্টাডোম কোচ যাত্ৰীসকলৰ বাবে থাকিব।এই ৰেলখনৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ আছে আৰু বিভিন্ন বাতৰি কাকত, উত্তৰ পূব সীমান্ত ৰেলৱেৰ বিভিন্ন ছ’চিয়েল মিডিয়া প্ৰেটফৰ্মতো প্ৰকাশ কৰি থকা হৈছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য চাবলৈ অনুৰোধ জনোৱা হৈছে।

Leave A Reply

Your email address will not be published.