যোগাসনত সোণৰ পদক লাভ কৰিলে এই গৰাকী ফটো সাংবাদিকে

0 170

দ্বিতীয় এছিয়া যোগাসন ক্ৰীড়া চেম্পিয়নশ্বিপ ২০২৩ ত ডিব্ৰুগড়ৰ জগদীশ ভড়ালীয়ে দেশৰ হৈ সোণৰ পদক লাভ কৰিছে।পৰম্পৰাগত গোটত জগদীশ ভৰালীয়ে স্বৰ্ণ লাভ কৰিবলৈ সক্ষম হয়।

ভিয়েটনাম, থাইলেণ্ড, হংকং, ইৰাণ আৰু চীনৰ কেইবাজনো প্ৰতিযোগীয়ে প্ৰতিদ্বন্দিতা আগবঢ়োৱা দ্বিতীয় এছিয়া যোগসন চেম্পিয়নশ্বিপৰ ৫০ বছৰৰ গ্ৰুপত ভাৰতৰ হৈ স্বৰ্ণ পদক লাভ কৰে।উল্লেখযোগ্য যে থাইলেণ্ডৰ বেংককৰ হোটেল আলেকজেণ্ডাৰ’ত ২৪পৰা ২৬ জুনলৈ দ্বিতীয় এছিয়া যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। ভড়ালী ডিব্ৰুগড়ৰ জেষ্ঠ ফটো সাংবাদিক আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ এগৰাকী জেষ্ঠ বিষয়ববীয়া।

Leave A Reply

Your email address will not be published.