আজি মহানগৰীস্থিত অনুৰাধা চিত্ৰগৃহত নতুন অসমীয়া চলচ্চিত্ৰ ‘দ্য শ্লেমবুক’ প্ৰিমিয়াৰ শ্ব’ অনুষ্ঠিত হৈ যায়৷ শুকুৰবাৰে অসমৰ সকলো চিত্ৰগৃহতে মুক্তিলাভ কৰিব ছবিখনে৷ আনহাতে ১৯৮৩ চনত জন্মলাভ কৰা অসমৰ বিশাল প্ৰডাকচন হাউচ এন কে প্ৰডাকচনে গৰকিলে ৪০ টা বসন্ত৷ চল্লিশবছৰীয়া এই মধুৰ ক্ষণত প্ৰডাকচন হাউচটোৱে প্ৰত্যেকবাৰৰ দৰেই এইবাৰো দুগৰাকী নৱাগত অভিনেতা-অভিনেত্ৰীৰে অসমৰ ৰাইজক উপহাৰ দিবলৈ ওলাইছে ‘দ্য শ্লেমবুক’৷ অসমীয়া সাংস্কৃতিক জগতখনিত সোণালী আখৰেৰে লিপিবদ্ধ হৈ থকা অসমৰ আগশাৰীৰ প্ৰডাকচন হাউচৰ স্বত্বাধিকাৰী তথা প্ৰযোজক দেৱ বৰকটকীয়ে প্ৰযোজনা কৰিছে ছবিখনি৷ কাহিনী-পৰিচালনা প্ৰাঞ্জল গৈয়াৰীৰ৷ চিত্ৰনাট্য-সংলাপ বিষ্ণুজ্যোতি সন্দিকৈৰ৷ যৌৱনৰ জপনা খোলোঁতেই বুকুত যেতিয়া প্ৰেমে বুৰবুৰণি দিবলৈ আৰম্ভ কৰে, ঠিক তেতিয়াই এহাল যুৱক-যুৱতীৰ মিলন হয়৷ প্ৰেমৰ পথাৰত তেতিয়াই যেন ফুলি উঠে হেজাৰ হেজাৰ ৰজনীগন্ধা৷ চৌদিশে বিয়পি পৰে ভালপোৱাৰ সুবাস৷ কিন্তু হেজাৰ চেষ্টা কৰিলেও আপেক্ষিক এই ভালপোৱাৰ মাজতেই আহি পৰে বিচ্চেদৰ বহুতো কেঁকুৰী৷ দিশহাৰা হয় প্ৰেম৷ অকালতে মৰহি পৰেপ্ৰতিশ্ৰুতিৰ প্ৰতিটো গোলাপৰ কলি৷ কিন্তু প্ৰথম প্ৰেমৰ হৃদয় কঁপোৱা সেই উন্মাদনাক জানো পাহৰিব পাৰে কোনোবাই? ভয় নাই, শংকা নাই, প্ৰেমৰ বাবে যাব পাৰো বাটকুৰি বাই৷ তেজে তুমৰলি কোমল কলিজাটো লৈ হেজাৰ কাঁইটকো নেওচি যেন লৈ আনিব পাৰে প্ৰথম প্ৰেমৰ ৰাধাচূড়া৷ প্ৰাপ্তিৰ হেজাৰ বসন্তৰ সুবাস বিলাই ভালপোৱা সোমাই পৰে দুবাহুত৷ কিন্তু কেতিয়াবা নিৰাশ বৰষুণৰ টোপালবোৰ লগ হয় দুচকুত৷ বিৰহৰ তপত চকুলোৱে কোনদিশে ধাৱিত কৰিব পাৰে জীৱন নদী?’ –ঠিক এনে এক কাহিনীৰ আধাৰতেই ৰচনা কৰা হৈছে চিত্ৰনাট্যভাগ৷ ৰেড এপিক আৰু ৰেড এম এ’কেমেৰাৰে ছবিখনিৰ দৃশ্যগ্ৰহণ কৰিছে জ্ঞান গৌতমে৷ মুখ্য সহকাৰী পৰিচালক সপ্তঋষি গৌতম৷ ৰূপসজ্জা কাম্ছীৰ৷ কৰিঅ’গ্ৰাফাৰ– দীপক দে আৰু উদয় শংকৰ৷ ‘দ্য শ্লেমবুক’ৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে– নিৰূপম শইকীয়া, বিভূতি ভূষণ হাজৰিকা, ৰূপম বৰুৱা, শ্ৰেষ্ঠা চৌধুৰী, পুনম লহকৰ, সীদ্ধাৰ্থ মূখাৰ্জী, কাকলি সন্দিকৈ, প্ৰিয়ংকা বৰুৱা, ৰাজ দত্ত, চিন্ময় বৰগোহাঁইৰ লগতে বহুতো ন-পুৰণি অভিনয় শিল্পীয়ে৷ জুবিন গাৰ্গে সংগীত পৰিচালনা কৰা ‘দ্য শ্লেমবুক’ত সন্বিৱিষ্ট হৈছে চাৰিটিকৈ গীত৷ জুবিন গাৰ্গ, দিগন্ত ভৰতী, শশাংক সমীৰ আৰু ৰাহুল গৌতম শৰ্মাই ৰচনা কৰা গীতসমূহত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, ৰুহিত সোণাৰ, প্ৰবীণ বৰা, অৰুন্ধতী ভানুপ্ৰিয়া আৰু মানস বৰাই৷ ইতিমধ্যে ছবিখনিৰ চাৰিওটি গীতে ব্যাপত সঁহাৰি লাভ কৰা পৰিলক্ষিত হৈছে৷
Trending
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক