গুৱাহাটীত পথত বাস কৰা লোকক উদ্ধাৰৰ বাবে টাস্ক ফ’ৰ্চে চলাব অভিযান-মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে তৎপৰ জিলা উপায়ুক্ত

0 211

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে গুৱাহাটীত পথত বাস কৰা আশ্ৰয়হীন লোকসকলক উদ্ধাৰ কৰি আশ্ৰয় দিয়াৰ বাবে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে৷ কালি নিশা জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ নেতৃত্বত সমাজ কল্যাণ বিভাগ আৰু ছাইল্ড লাইনৰ বিষয়ববীয়াই উলুবাৰী আৰু পানবজাৰৰ পৰা পথত বাস কৰা পাঁচগৰাকী লোকক উদ্ধাৰ কৰি চাৰিগৰাকীক নৈশ আশ্ৰয় গৃহলৈ আৰু এগৰাকী মহিলাক বেলতলাৰ ৱান ষ্টপ ছেন্টাৰলৈ প্ৰেৰণ কৰে৷ আজি জিলা উপায়ুক্ত গৰাকীয়ে জিলা প্ৰশাসনৰ কেবাজনো শীৰ্ষ বিষয়া, শীৰ্ষ আৰক্ষী বিষয়া আৰু বেচৰকাৰী সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত এখন বৈঠক অনুষ্ঠিত কৰে৷ বৈঠকত অনাগত দহ দিনৰ ভিতৰত পথত বাস কৰা লোকসকলক উদ্ধাৰ কৰি নৈশ আশ্ৰয় গৃহলৈ অনাৰ বাবে এটা টাস্ক ফ’ৰ্চ গঠনেৰে নিয়মীয়া অভিযান চলোৱাৰ সিদ্ধান্ত লোৱা হয়৷ এই টাস্ক ফ’ৰ্চত অতিৰিক্ত উপায়ুক্ত ঝৰ্ণা পাটগিৰি, লক্ষ্যজিৎ দুৱৰীয়া আৰু সহকাৰী আয়ুক্ত অনুৰাগ ৰুদ্ৰ জিলা ন’ডেল বিষয়াৰ দায়িত্বত থাকিব৷ টাস্ক ফ’ৰ্চত অভিযান চলোৱা অঞ্চলৰ এ চি পি পৰ্যায়ৰ আৰক্ষী বিষয়া, জিলা শিশু সুৰক্ষা বিষয়া, গুৱাহাটী পৌৰ নিগমৰ কালেক্টৰ আৰু বেচৰকাৰী সংগঠনৰ প্ৰতিনিধি থকিব৷ টাস্ক ফ’ৰ্চৰ কাম- কাজ তদাৰক, পৰামৰ্শ প্ৰদান আৰু পথত বাস কৰা লোকক আশ্ৰয়ৰ সমস্যাটোৰ স্থায়ী সমাধান উলিয়াবৰ বাবে এখন সমিতি গঠনৰো সিদ্ধান্ত লোৱা হয়৷

Leave A Reply

Your email address will not be published.