কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ পশ্চিম গুৱাহাটীৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ানে তেওঁলোকৰ জনহিতকৰ কাৰ্যসূচীৰ অংশহিচাপে বৃহত্তৰ ৰাণীকে ধৰি দাঁতি কাষৰীয়া মেঘালয় সীমান্তত বাস কৰা ৰাইজক বিগত সময়চোৱাত বিভিন্ন ধৰণে সহায়ৰ হাত আগবঢ়াই আহিছে । আনহাতে জনহিতকৰ কাৰ্যসূচীৰ অংশহিচাপে আজি ১৭৫ চি আৰ পি এফৰ উদ্যোগত ৰাণী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত অসম – মেঘালয় সীমান্তৰ অতি দুৰ্গম অঞ্চল হিচাপে পৰিচিত ৰাণী গাঁও পঞ্চায়তৰ অধীনৰ নৰলং গাঁওৰ ২০ ঘৰ বাসিন্দাক সৌৰশক্তি চালিত লেম্প বিতৰণ কৰা হয় । লেম্প সমূহ বিতৰণ কৰে ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ কমাণ্ডেণ্ট সুভাষ চন্দ্ৰ শৰ্মাই । এই উপলক্ষে ডেপুটী কমাণ্ডেণ্ট আব্দুল ৰহিমে আঁত ধৰা অনুষ্ঠানত কমাণ্ডেণ্ট সুভাষ চন্দ্ৰ শৰ্মাই বাহিনীটোৰ জনহিতকৰ কাৰ্যসূচীৰ লক্ষ্য আৰু উদ্দেশ্যেৰ আলোকপাত কৰে আৰু আগন্তক দিনতো পুনৰ সহায়ৰ হাত আগবঢ়াব বুলি সদৰি কৰে । অনুষ্ঠানত নিখিল ৰাভা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিৰ সহকাৰী সাধাৰণ সম্পাদক হিতেশ্বৰ ৰাভা , ৰাণী আঞ্চলিক কমিটিৰ সাধাৰণ সম্পাদক জিতেন ৰাভা , নৰলং গাঁওৰ গাওঁবুঢ়া লোকেন কিলিং , ৰাণী গাঁও পঞ্চায়তৰ সভানেত্ৰী পূৰবী বড়োকে ধৰি কেবাজনেও যাতায়ত আৰু বিদ্যুৎ সংযোগ বিহীন নৰলঙৰ দৰে অতি দুৰ্গম অঞ্চলত চি আৰ পি এফে সৌৰশক্তি চালিত লেম্প বিতৰণ কৰি কিঞ্চিত হলেও সহায়ৰ হাত আগবঢ়োৱা বাবে বাহিনীটোৰ শলাগ লয় । অনুষ্ঠানত ডেপুটী কমাণ্ডেণ্ট ৰবি শ্ৰীবাস্তব , জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ অনিল কুমাৰ ঠাকুৰকে ধৰি কেবাজনো বিষয়া উপস্থিত থাকে ।
Trending
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ
- এ ইউ আই ডি এফ চি এল-ৰ পৰিচালনা পৰিষদৰ ১৪ সংখ্যক বৈঠক অনুষ্ঠিত