_ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে ৰাজ্যখনৰ সকলো শ্ৰেণীৰ লোকৰ সম উন্নয়নৰ বাবে দায়বদ্ধতাৰে কাম কৰি আছে: মন্ত্ৰী হাজৰীকা_

0 112

অসম চৰকাৰৰ জলসম্পদ, সামাজিক ন্যায় আৰু সৱলীকৰণ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি জনতা ভৱনত অনুসূচীত জাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয়, অসমৰ উদ্যোগত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যখনৰ অনুসূচীত জাতিৰ ৬০ গৰাকী নিবনুৱা যুৱক-যুৱতীলৈ আনুষ্ঠানিকভাৱে ‘গ্ৰাফিক্চ ডিজাইন ইউনিট’ বিতৰণ কৰে।সঞ্চালকালয়ৰ উদ্যোগত ২০২৩-২৪ বৰ্ষৰ ‘Self help scheme for SC’ৰ অধীনত ৰাজ্যখনৰ অনুসূচীত জাতিৰ বাবে সংৰক্ষিত আঠটা বিধানসভা সমষ্টি ক্ৰমে জাগীৰোড, দেৰগাঁও, ধলাই, দক্ষিণ অভয়াপুৰী, বকো, ৰহা, ৰাতাবাৰী আৰু মঙলদৈৰ ৰ মুঠ ৬০ জন যুৱক-যুৱতীক গ্ৰাফিক্চ ডিজাইন ইউনিট প্ৰদান কৰা হয়। এই গ্ৰাফিক্চ ডিজাইন ইউনিটৰ জড়িয়তে যুৱক যুৱতীসকলে ল’গ’, ব্ৰ’চাৰ,ৱেবচাইত,বিজ্ঞাপন আদিৰ ডিজাইন কৰাৰ লগতে টি-চাৰ্ট, টূপী, কাপ আদিত প্ৰিণ্টিং কৰি আত্মসংস্থাপনৰ ক্ষেত্ৰত অগ্ৰসৰ হ’ব পাৰিব।আজিৰ অনুষ্ঠানত এই কথা উল্লেখ কৰি সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে অসম চৰকাৰে ৰাজ্যখনৰ সকলো শ্ৰেণীৰ লোকৰে সম উন্নয়নৰ বাবে দায়বদ্ধতাৰে কাম কৰি আছে।অনুসূচীত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকৰ উন্নয়নৰ বাবে কাম কৰিবলৈ ভাৰতৰ সংবিধানে চৰকাৰক বিশেষ সুযোগ প্ৰদান কৰিছে বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে বিগত সময়ত সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ জড়িয়তে এই ক্ষেত্ৰত বহুতো কাম হাতত লৈ আহিছে।বিগত বৰ্ষত অনুসূচীত জাতিৰ লোকৰ বসতি প্ৰধান অঞ্চলত প্ৰায় ২৫০ টা আদৰ্শ অংগনবাদী কেন্দ্ৰ নিৰ্মাণ কৰাৰ লগতে অনুসূচীত জাতিৰ বসতি প্ৰধান গাঁৱত ১.৭০ কোটিৰ পৰা ১.৮০ কোটি টকা ব্যয়েৰে ৫২ টা মিনি ষ্টেডিয়াম নিৰ্মাণৰো ব্যৱস্থা কৰিছে। আনহাতে যোৱা বছৰ অনুসূচীত জাতিৰ লোকৰ বসতিপ্ৰধান গাঁৱৰ প্ৰায় ৫০০ টা নামঘৰলৈ বিভাগৰ অধীনত ৫ লাখ টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে বুলিও মন্ত্ৰী হাজৰীকাই আজিৰ ভাষণ প্ৰসংগত উল্লেখ কৰে। বানপানীপ্ৰবল ৰাজ্য হিচাপে জনাজাত অসমত বিগত সময়ত মুখ্যমন্ত্ৰী মহোদয়ৰ আন্তৰিক আগ্ৰহত জলসম্পদ বিভাগে দিনে নিশাই কাম কৰি মৰিগাঁও, মাজুলী, ধেমাজী আদি সততে বানত আক্ৰান্ত জিলাসমূহত বানৰ প্ৰকোপ হ্ৰাসৰ ব্যৱস্থা কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।সাধাৰণতে নদী কাষৰীয়া অঞ্চলত বসবাস কৰা অনুসূচীত জাতিৰ লোকে সদায়ে বানৰ প্ৰথম আক্ৰান্ত হ’বলগা হৈছিল।কিন্তু বিগত প্ৰায় ৩ টা বছৰে অসমৰ বহু স্থানত বানৰ প্ৰকোপ হ্ৰাস কৰাত তেওঁলোকে সকাহ লাভ কৰা বুলি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে।

আজিৰ অনুষ্ঠানত আনুষ্ঠানিকভাৱে গ্ৰাফিক্চ ডিজাইন ইউনিট বিতৰণ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই হিতাধিকাৰীসকলক চৰকাৰৰ এই উপহাৰৰ সদ ব্যৱহাৰ কৰি আত্মসংস্থাপনৰ ক্ষেত্ৰত আগবাঢ়ি গৈ পৰিয়ালক সকাহ দিবলৈ আহ্বান জনায়। আজিৰ অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগতে ৰাতাবাৰী সমষ্টিৰ বিধায়ক বিজয় মালাকাৰ, সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ আয়ুক্ত-সচিব বীৰেন্দ্ৰ মিট্টাল, অনুসূচীত জাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয়, অসমৰ সঞ্চালক ড° কুলশ্ৰী নাথ আৰু আন বিভাগীয় বিষয়াসকল উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.