‘MY Bharat বিকশিত ভাৰত 2047’ শীৰ্ষক ৰাজ্যিক বক্তৃতা প্ৰতিযোগিতা-মৰিগাঁৱৰ মহেন্দ্ৰ কন্দলী একাডেমীৰ গাৰ্গী ভাৰতীৰ তৃতীয় স্থান লাভ

0 91

ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰণালয়ৰ অধীনস্থ নেহেৰু যুৱ কেন্দ্ৰ সংগঠনে ৰাজ্যিক ভিত্তিত ‘My Bharat বিকশিত ভাৰত@2047’ শীৰ্ষক বক্তৃতা প্ৰতিযোগিতা যোৱা ১৩ ফ্ৰেব্ৰুৱাৰী তাৰিখে চানমাৰীৰ পেঞ্চনাৰ ভৱনত অনুষ্ঠিত হয় ৷ অসমৰ প্ৰতিখন জিলাৰ জিলা শ্ৰেষ্ঠ প্ৰতিযোগীয়ে যোগদান কৰা লগতে বিশ্ববিদ্যালয় মহাবিদ্যালয় পৰ্যায়ৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতাযোগিতাত মৰিগাঁও জিলা নেহেৰু যুৱ কেন্দ্ৰক প্ৰতিনিধিত্ব কৰি মৰিগাঁৱৰ শিক্ষানুষ্ঠান মহেন্দ্ৰ কন্দলী একাডেমীৰ নৱম শ্ৰেণীৰ ছাত্ৰী গাৰ্গী ভাৰতীয়ে উৎকৃষ্ট প্ৰদৰ্শনেৰে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় ৷ প্ৰাপ্ত খৱৰ অনুসৰি গাৰ্গী ভাৰতীয়ে নগদ ২৫,০০০ হাজাৰ টকাৰ চেক আৰু মানপত্ৰ এই বঁটাত লাভ কৰিছে ৷ গাৰ্গীৰ এই সফলতাত পিতৃ-মাতৃ, আত্মীয় স্বজনৰ লগতে মহেন্দ্ৰ কন্দলী একাডেমীৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে ৷ মহেন্দ্ৰ কন্দলী একাডেমীৰ পৰিচালনা সমিতিৰ সভাপতি নিলীমা শৰ্মা, মৰিগাঁও প্ৰেছ ক্লাৱৰ সভাপতি ড° বিৰিঞ্চি কুমাৰ শৰ্মা, নেহেৰু যুৱ কেন্দ্ৰৰ জিলা যুৱ বিষয়া বিকাশ চন্দ্ৰ প্ৰধান, গাণনিক আৰু কাৰ্যসূচী বিষয়া ধনঞ্জয় তালুকদাৰ আদি বহুজনে গাৰ্গীলৈ সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰে৷

Leave A Reply

Your email address will not be published.