সাম্প্ৰতিক সময়ত সংবাদ মাধ্যমৰ পৰিসৰ বৃদ্ধি হোৱাৰ লগে লগে সাংবাদিকৰ দায়িত্বও বৃদ্ধি পাইছে ৷ বাতৰি পৰিবেশনত বিভিন্ন চাপৰ সৃষ্টি হ’লেও সাংবাদিকজনে নিজৰ কৰ্তব্যৰ পৰা পিছ হুহুঁকি নহাটো সততাৰ অন্যতম নিদৰ্শন ৷এই মন্তব্য ৰাজ্যৰ সংবাদক্ষেত্ৰখনৰ পিতামহ স্বৰূপ কনকসেন ডেকাৰ ৷আজি মহানগৰীৰ অগ্ৰদূত ভৱনৰ সভাগৃহত জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছাম (জুৱা)ৰ গুৱাহাটী মহানগৰ কমিটি আৰু জুৱাৰ ৰাজ্যিক কমিটিৰ উদ্যোগত আয়োজন কৰা ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত মুখ্য অতিথি ৰূপে উপস্থিত থাকি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডেকাই আৰু কয় আমি সীমিত পৰিসৰৰ মাজেদি উদ্দেশ্যত উপনিত হোৱাৰ সমান্তৰালকৈ নিজৰ কলমৰে নিগৰি অহা লিখনি সমাজৰ কল্যাণৰ অৰ্থে আৰু ইয়াৰ ব্যতিক্ৰম নহয় বুলি উল্লেখ কৰে ৷বৰ্ষীয়ান সাংবাদিক গৰাকীয়ে তেওঁৰ সুদীৰ্ঘদিনৰ সাংবাদিকতাৰ কিছু অভিজ্ঞতা বণৰ্না দি কয় এটা সময়ত চৰকাৰৰ কিছু জনবিৰোধী কাৰ্যকলাপ আৰু সক্ৰিয় বিদ্ৰোহী সংগঠনৰ এটাৰো হঠ কাৰিতা কামকাজৰ বিৰুদ্ধে লিখাৰ বাবেই ৰজাঘৰ আৰু বিদ্ৰোহী সংগঠন এটাৰ পৰা মৃত্যুৰ ভাবুকি পৰ্যন্ত পোৱা গৈছিল৷কিন্ত তেনে ভাবুকিটো নতশীৰ নহৈ দৃঢ়তাৰে সংবাদ পৰিবেশন কৰি অহা হৈছে।সভাখনত বিশিষ্ট অতিথি ৰূপে ভাগ লৈ ইণ্ডিয়ান জাৰ্ণেলিষ্ট ইউনিয়নৰ ৰাষ্ট্ৰীয় সভাপতি গীতাৰ্থ পাঠকে দেশত শেহতীয়াকৈ সংবাদ মাধ্যমৰ কন্ঠ ৰোধ কৰিবলৈ চৰকাৰে বিভিন্ন পন্থা গ্ৰহণ কৰা কাৰ্য চতুৰ্থ স্তম্ভ প্ৰতি ভাবুকি বুলি অভিহিত কৰে ৷এনে প্ৰেক্ষাপটত সাংবাদিক সকলে যিকোনো চাপকো কৰ্ণপাত নকৰি সততা আৰু সাহসেৰে সংবাদ পৰিবেশন কৰি যাব লাগে ৷সভাত সন্মানীয় অতিথি ৰূপে অংশ লোৱা দৈনিক অগ্ৰদূত’ৰ সম্পাদক প্ৰাঞ্জলসেন ডেকা,জ্যেষ্ঠ সাংবাদিকদ্বয় ড° পৰাঞ্জয় বৰদলৈ আৰু নয়নজ্যোতি ভূঞাই সংবাদ পৰিবেশনত নতুন প্ৰজন্মৰ সাংবাদিকসকলে বিশেষ গুৰুত্ব দিয়াতো প্ৰয়োজন৷ ব্যতিক্ৰমী আৰু অনুসন্ধানমূলক বাতৰিৰ ক্ষেত্ৰত কিছু সাৱধানতাৰে খোজ দিয়াৰ কথা উল্লেখ কৰে ৷জুৱাৰ কাৰ্যকৰী সভানেত্ৰী চেমিম চুলতানা আহমেদে আঁত ধৰা সভাখনত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিনিধি হেমন্ত কুমাৰ নাথ, ডুৰিণা বৰবৰুৱা, কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ মুখ্য উপদেষ্টা প্ৰদীপ কলিতা, জ্যেষ্ঠ সাংবাদিক কেশৱ বৰুৱা, দিগন্ত গোস্বামী,পল্লৱী শইকীয়া,সংগীতা শইকীয়া সহ কেইবাগৰাকীও সাংবাদিক উপস্থিত থাকে ৷ সভাখনৰ অন্তত শলাগৰ শৰাই আগবঢ়াই জুৱাৰ গুৱাহাটী মেট্ট’ কমিটিৰ সভাপতি পলাশ ৰঞ্জন দাসে।
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী