সমন্বয় আৰু সদ্ভাৱক মূল মন্ত্ৰ হিচাপে লৈ উৰিষ্যাৰ পৰা অহা চাৰিজনীয়া এটা পৰ্যটকৰ দল কালি গুৱাহাটীত উপস্থিত হয়।পৰ্যটকৰ দলটোক অসম সাহিত্য সভাৰ ভাগৱতী প্ৰসাদ ভৱনত আয়োজিত এক সভাত আদৰণি জনায়।এক বিবৃতিত সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই জানিবলৈ দিয়া মতে উৰিষ্যাৰ ভাৰতীয় বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া প্ৰশান্ত কুমাৰ প্ৰধান,অৱসৰপ্ৰাপ্ত বিষয়া প্ৰেমৰঞ্জন প্ৰধান, সমাজসেৱিকা পিংকী প্ৰধান আৰু উদ্যোগী মহিলা কুৰ্ণী প্ৰধানক সম্ভাষণ জ্ঞাপন কৰে।অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশীৰ পৌৰাহিত্যত অনুষ্ঠিত সম্বৰ্দ্ধনা সভাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপাধ্যক্ষ সূৰ্য্য হাজৰিকা, অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ সচিব মাধুৰিমা সেন বৰুৱা ,অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক বৰ্ণালী শৰ্মা, অসম আৰক্ষীৰ উচ্চ পদস্থ বিষয়া ডক্টৰ শ্যামল শইকীয়াকে আদি কৰি বহুকেইজন ব্যক্তিয়ে বক্তব্য আগবঢ়ায়।ডক্টৰ সঞ্জীৱ কুমাৰ শৰ্মাই আতঁধৰা অনুষ্ঠানটোত অংশগ্ৰহণ কৰি প্ৰশান্ত কুমাৰে কয় যে এই যাত্ৰাই অসম আৰু উৰিষ্যাৰ মাজত সমন্বয়ৰ জিঞ্জিৰি বান্ধিব বুলি পৰম আশাবাদী ।উল্লেখযোগ্য যে আজিৰ অনুষ্ঠানত ৰাজ্য চৰকাৰে সম্বলপুৰস্থিত বেজবৰুৱাৰ বাসভৱন সংৰক্ষণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ সম্পৰ্কত ৰাজহুৱা কৰাৰ উপৰিও আগধন ৫০লাখ টকাৰ আনুষ্ঠানিক পত্ৰখন সঁজাতি দলটোক প্ৰদান কৰে।
Trending
- দুৰন্ত তৰুণ ঘনশ্যাম শইকীয়াৰ ১০৮ বছৰীয়া জন্মজয়ন্তী উদযাপন
- গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- বাইক ৰেলী অনুষ্ঠিত
- ৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান