সাংবাদিকৰ সুৰক্ষাৰ স্বাৰ্থত কঠোৰ আইন প্ৰণয়ন কৰিবলৈ দাবী জনাইছে সাংবাদিক সুৰক্ষা মঞ্চ, অসমে। জাতীয় শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ ২৩ সংখ্যক মৃত্যু দিৱসৰ উপলক্ষে আজি বিহালীত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত চৰকাৰৰ প্ৰতি এই দাবী জনাইছে নিপিড়ীত সাংবাদিকৰ সুৰক্ষা মঞ্চই। সাংবাদিক সুৰক্ষা মঞ্চ, অসমৰ উদ্যোগত আৰু বিশ্বনাথ জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ সহযোগত বৰগাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰে জাতীয় শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যু দিৱস। পুৱা প্ৰথমে বৃক্ষৰোপণ কাৰ্যসূচীৰে শুভাৰম্ভ কৰে পূৱ শোণিতপুৰ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া সুহাস কদমে। ইয়াৰ পিছতে প্ৰধান শিক্ষক চিত্তৰঞ্জন ৰয়ে জাতীয় শ্বহীদ পৰাগ কুমাৰ দাসৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী শুভাৰম্ভ কৰে। সাংবাদিক সুৰক্ষা মঞ্চৰ সভাপতি বিপুল মেধিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় সাংবাদিক সুৰক্ষা মঞ্চ, অসমৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক শ্ৰীমন্ত দাসে।সভাত শিক্ষাবিদ ইন্দ্ৰেশ্বৰ কটকী, জ্যেষ্ঠ সাংবাদিক, শিক্ষাবিদ প্ৰদীপ কুমাৰ শৰ্মা, অমিতাভ বৰুৱা, সমাজকৰ্মী স্নিগ্ধা মহন্ত হাজৰিকা, বিহালী স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জীৱন চন্দ্ৰ নাথ, সাংবাদিক সুৰক্ষা মঞ্চ, অসমৰ কাৰ্যকৰী সভাপতি মঃ ইমদাদ আলী, মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ সচিৱ ৰিতু বৰা, চৰ চাপৰি সাহিত্য সভাৰ সভাপতি মঃ খাদেম আলী, সাংবাদিক বীৰেন্দ্ৰ নাথ গোস্বামী, বৰগাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক চিত্তৰঞ্জন ৰয়, শিক্ষক বিশ্বজিৎ ৰয় প্ৰমুখ্যে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । সভাত ভাষণৰ আঁত ধৰে সাংবাদিক সুৰক্ষা মঞ্চ, অসমৰ সাধাৰণ সম্পাদক জ্যোতিষ কুমাৰ পাতিৰ, জ্যেষ্ঠ সাংবাদিক ভুৱন শইকীয়া, জ্যেষ্ঠ সাংবাদিক বীৰেন্দ্ৰ নাথ গোস্বামী আৰু অমিতাভ বৰুৱাই পৰাগ কুমাৰ দাসৰ জীৱনৰ সম্পৰ্কত বক্তব্য প্ৰদান কৰে। সভাত পৰাগ দাসৰ সোঁৱৰণত স্বৰচিত কবিতা পাঠ কৰে তেজপুৰৰ ধৰিত্ৰী শ্ৰাৱন, স্নিগ্ধাশিখা গোস্বামী হাজৰিকা আৰু খগেন মটকে। সভাই পৰাগ কুমাৰ দাসৰ লগতে মুঠ ৩০ জন সাংবাদিকৰ হত্যাকাৰীক চিনাক্ত কৰি উচিত শাস্তি প্ৰদানৰ লগতে অতি শীঘ্ৰে সাংবাদিক সুৰক্ষা আইন বলৱৎ কৰিবলৈ আহ্বান জনায়। আজিৰ সভাতেই ৫ গৰাকী বৰেণ্য ব্যক্তি ক্ৰমে প্ৰদীপ কুমাৰ শৰ্মা, শ্নিগ্ধাশিখা গোস্বামী হাজৰিকা, যোৰহাটৰ প্ৰকৃতি প্ৰেমী বিজু কুমাৰ শৰ্মা, সাংবাদিক ভুৱন লুইটেল, শিক্ষক বিশ্বজিৎ ৰয়ক সম্বৰ্ধনা জনোৱা হয়।
Trending
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ